Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মৈৰাবাৰীত ৰাইজৰ দলৰ শক্তি প্ৰদৰ্শন; আমিনু্লৰ প্ৰত্যাহ্বান হোৱাটো খাটাং

  গণ বাৰ্তা বেচামাৰী, ২৫ মাৰ্চ : প্ৰথম পৰ্যায়ত অনুষ্টিতব্য ৮৩ নং ধিং বিধান সভা সমষ্টিত আজি ৰাইজৰ দলৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী মেহবুব মুক্তা...


 গণ বাৰ্তা বেচামাৰী, ২৫ মাৰ্চ: প্ৰথম পৰ্যায়ত অনুষ্টিতব্য ৮৩ নং ধিং বিধান সভা সমষ্টিত আজি ৰাইজৰ দলৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী মেহবুব মুক্তাৰে নিজৰ শক্তি প্ৰদৰ্শন কৰে। দিনৰ ১ বজাত সমষ্টিটোৰ প্ৰানকেন্দ্ৰ মৈৰাবাৰীস্থ ইন্দিৰা খেল পথাৰ প্ৰাঙ্গনত ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত অৱসৰপ্ৰাপ্ত শিক্ষক আ:গফুৰে সভাপতিত্ব কৰা নিৰ্বাচনী সভাটোত মেহবুব মুক্তাৰে বৰ্ত্তমানৰ বিধায়ক আমিনুল ইছলামক ভাষন প্ৰসংগত ক্ষুৰধাৰ সমালোচনা কৰে।নিৰ্বাচনী সভাটোত ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি গৰাকী উপস্থিত থাকি ৰাজ্য চৰকাৰখনে অসমৰ উন্নয়ন কৰাৰ বিপৰীতে অসমখনক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া বুলি অভিযোগ উৎখাপন কৰে।মৈৰাবাৰীৰ বিশিষ্ট সমাজকৰ্মী ফুৰকান আলি,অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া আবুল কাশেম,মৈৰাবাৰী দাৰুল উলুম মাদ্ৰাছাৰ হেড মুডাৰিছ মুফতি মতলেবুৰ ৰহমানৰ লগতে স্থানীয় কেইবাগৰাকী বক্তাই বিধায়ক আমিনুলৰ ১০ বছৰীয়া কাৰ্যকালক তীব্ৰ ভাষাৰে সমালোচনা কৰে।ৰাইজৰ দলৰ সমৰ্থিত প্ৰাৰ্থী মেহবুব মুক্তাৰে ভাষন প্ৰসংগত মহাজোটৰ প্ৰাৰ্থী তথা বিধায়ক আমিনুলক তীব্ৰ বাক্যবানেৰে সমালোচনা কৰাৰ লগতে কয় ," যদিহে মই বিধায়ক হিচাপে নিৰ্বাচিত হও,তে মাত্ৰ আঢ়ৈ বছৰৰ ভিতৰতে সমষ্টিটোৰ মূল গৰাখহনীয়া সমস্যা সমাধান কৰিম।অন্যথা বিধায়ক পদৰ পৰা ৰিজাইন দিম।বিধায়ক হিচাপে পাবলগীয়া দৰমহাৰ ধনৰ মাত্ৰ ১ টকা নিজে ৰাখি বাকী টকা দৰিদ্ৰ জনসাধাৰনৰ মাজত বিতৰন কৰিম।ৰাইজৰ সেৱা কৰাটোৱেই মোৰ জীৱনৰ লক্ষ্য "। আজিৰ সভাখনৰ অন্তত মেহবুবক জিকাবলৈ মুফতি মতলেবুৰ ৰহমানে সভাস্থলীতে এক সমুহীয়া দোৱাৰো আয়োজন কৰে। উল্লেখ্য যে যোৱাকালি বিধায়ক আমিনুল ইছলামে মৈৰাবাৰীৰ কাষৰীয়া নিজ ধিং মাৰ্কেটিং খেলপথাৰত নিৰ্বাচনী সভা আয়োজনৰ জৰিয়তে শক্তি প্ৰদৰ্শন কৰাৰ পিছত আজি মৈৰাবাৰীৰ ইন্দিৰা খেলপথাৰত ৰাইজৰ দলৰ সভাত হাজাৰ হাজাৰ লোকৰ সমাগমে যে ২৭ তাৰিখৰ নিৰ্বাচনত বিধায়ক আমিনুল যে প্ৰত্যাহ্বানৰ সন্মূখীন হব,সেই কথা কোনেও অস্বীকাৰ কৰিব নোৱাৰে।

No comments