Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ৰাইজৰ দলৰ উপদেষ্টা পদৰ পৰা অব্যাহতি ড০ হীৰেন গোহাঁইৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩ মাৰ্চ ঃ ৰাইজৰ দলৰ মুখ্য উপদেষ্টা হিচাপে থকা বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁয়ে পদত্যাগ কৰিছে। অখিল গগৈয়ে কাৰাগ...


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩ মাৰ্চ ঃ ৰাইজৰ দলৰ মুখ্য উপদেষ্টা হিচাপে থকা বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁয়ে পদত্যাগ কৰিছে। অখিল গগৈয়ে কাৰাগাৰৰ পৰা লিখা পত্ৰত অসন্তুষ্টি ব্যক্ত কৰি দলৰ মুখ্য উপদেষ্টা পদৰ পৰা অব্যাহতি লোৱাৰ কথা আজি ঘোষণা কৰিছে। বিশিষ্ট বুদ্ধিজীৱীগৰাকীৰ মতে অখিল গগৈয়ে কাৰাগাৰৰ পৰা লিখা পত্ৰখন তেওঁ পূৰ্বতে কোৱা কথাৰ সম্পূৰ্ণ বিপৰীত। অখিল গগৈৰ পত্ৰখন ভিত্তিহীন আৰু অবাস্তৱ বুলি উল্লেখ কৰি অখিল গগৈয়ে কোৱা কথাই বিজেপিবিৰোধী ভোটৰ বিভাজন কৰিব। এআইইউডিএফৰ বিৰুদ্ধে অখিল গগৈয়ে যিবোৰ অভিযোগ উত্থাপন কৰিছে সেয়া তেওঁৰ বিশ্বাস হোৱা নাই বুলি উল্লেখ কৰি ইউডিএফ দলে হিন্দু সমাজৰ বেয়া কাম কৰা নাই বুলি উল্লেখ কৰে। 

বিশিষ্ট বুদ্ধিজীৱীগৰাকীয়ে স্পষ্টীকৰণ দি কয়— মই কংগ্ৰেছৰ ভক্ত নহয়। বিগত সময়ত কংগ্ৰেছৰ বিৰুদ্ধে বহু লিখা-মেলা কৰিছো। কিন্তু চৰ্তসাপেক্ষে সমৰ্থন কৰিবলৈ ওলাইছো। উল্লেখ্য যে হীৰেন গোহাঁয়ে মুখ্য উপদেষ্টা পদৰ পৰা অব্যাহতি লোৱাৰ পিছত ৰাইজৰ দল যথেষ্ট শ’লঠেকত পৰা পৰিলক্ষিত হৈছে। পূৰ্বতে ড০ নগেন শইকীয়ায়ো উপদেষ্টাৰ পদ গ্ৰহণত অস্বীকাৰ কৰিছিল। বিজেপিৰ বিৰুদ্ধে সকলো শক্তি একগোট হ’লেহে তেওঁ উপদেষ্টা হিচাপে থাকিব বুলি তেওঁ সন্মতি প্ৰকাশ কৰিছিল।

No comments