ষ্টাফ ৰিপ'ৰ্টাৰ, নগাঁও, ২১ মাৰ্চ : দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগা নিৰ্বাচনৰ বাবে নগাঁও সদৰ সমষ্টিৰ মহাজোটৰ প্ৰাৰ্থী শান্তনু শৰ্মা...
ষ্টাফ ৰিপ'ৰ্টাৰ, নগাঁও, ২১ মাৰ্চ : দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগা নিৰ্বাচনৰ বাবে নগাঁও সদৰ সমষ্টিৰ মহাজোটৰ প্ৰাৰ্থী শান্তনু শৰ্মা আজিও মাৰাথান নিৰ্বাচনী চলায়। আজি সমষ্টিটোৰ অন্তৰ্গত ডাকৰঘাটৰ সমীপৰ বাইপাচ ভোগদৈ ধাবাৰ সন্মুখত পাখিমৰীয়া মণ্ডল কংগ্ৰেছৰ উদ্যোগত এখন নিৰ্বাচনী সভা অনুষ্ঠিত হয়। ব্লক কংগ্ৰেছৰ সভাপতি লোহিত গগৈৰ সভাপতিত্বত অনুষ্ঠিত সভাত ভাষন প্ৰদান কৰি সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয় যে-'মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত কংগ্ৰেছে স্বাধীনতা আন্দোলন আৰম্ভ কৰাৰ বাবে আমাৰ দেশ স্বাধীনতা লাভ কৰিলে। আমাৰ দেশৰ পৰা বৃটিছ যাবলৈ বাধ্য হ'ল যদিও তেওঁলোকে কুট কৌশল কৰি আমাৰ দেশ দুটা ভাগত বিভক্ত কৰি থৈ গল। এটা ভাৰতবৰ্ষ আৰু আনটো হৈছে পূব পাকিস্তান তথা বৰ্তমানৰ বাংলাদেশ। সেই সময়ত বৃটিছে অসমখনক বাংলাদেশৰ সৈতে চামিল কৰিব বিচাৰিছিল যদিও গোপীনাথ বৰদলৈ নেতৃত্বাধীন কংগ্ৰেছৰ চৰকাৰে অসমখনক ৰক্ষা কৰি অসমীয়াৰ অস্তিত্ব অক্ষুন্ন ৰাখিলে। কংগ্ৰেছ দলেই একমাত্ৰ দল যিয়ে অসমীয়াৰ পৰিচয় ৰক্ষা কৰিব পাৰে।' বিজেপিৰ গ্ৰাসৰ পৰা অসমখনক ৰক্ষা কৰিবলৈ বৰদলৈয়ে কংগ্ৰেছক ভোট দিবলৈ আহ্বান জনায়। অন্যথা অসমখন আৰু অসম হৈ নাথাকে বুলিও মন্তব্য কৰে। বিজেপিয়ে 'কা' আইন আনি অসম আৰু অসমীয়াৰ অস্তিত্ব বিপন্ন কৰিব বিচাৰিছে বুলিও তেওঁ মন্তব্য কৰে। সভাত কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়েও ভাষণ দিয়ে।এই সভাখনৰ লগতে কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে মৌখাটি, ৰনথলি, আদৰ্শ গাঁও, জলাহ অঞ্চলৰ লগতে বিয়লি খাগৰিজান ব্লকৰ অন্তৰ্গত কেন্দুগুৰিতো আন এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি নিৰ্বাচনী প্ৰচাৰ চলায়। সন্ধ্যা নগাঁও চহৰৰ মাৰোৱাৰি পট্টাত এখন পথ সভা অনুষ্ঠিত কৰি ৰাইজৰ পৰা ভোট বিচাৰে কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে। প্ৰতিটো সভাত সাংসদ বৰদলৈৰ লগতে কেবাজনো কংগ্ৰেছ নেতা উপস্থিত থাকে।
No comments