Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

দেৰগাঁৱত অগপৰ ভৱেন্দ্ৰনাথ ভৰালীৰ প্ৰাৰ্থীত্বৰ বিৰোধীতাঃ বিজেপি কৰ্মীৰ প্ৰতিবাদ, অন্যফালে ঢোলে ডগৰে আদৰণি।

গণবাৰ্তা বিশেষ দেৰগাঁও, ৫ মাৰ্চঃ দেৰগাঁও  বিধান সভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰূপে পুণৰবাৰ অগপৰ ভৱেন্দ্ৰ নাথ ভৰালীয়ে টিকট লাভ কৰাটো নিশ্চি...


গণবাৰ্তা বিশেষ দেৰগাঁও, ৫ মাৰ্চঃ দেৰগাঁও  বিধান সভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰূপে পুণৰবাৰ অগপৰ ভৱেন্দ্ৰ নাথ ভৰালীয়ে টিকট লাভ কৰাটো নিশ্চিত হোৱাৰ লগেলগে সমষ্টিটোৰ বিজেপি কৰ্মীসকল ক্ষোভিত হৈ পৰিছে। দেৰগাঁৱৰ নগৰ মণ্ডল বিজেপি কায্যালয়ৰ চৌহদত যোৱা নিশা আৰু আজিও একাংশ বিজেপি কৰ্মকৰ্তাই দেৰগাঁৱত বিজেপিৰ নিজা প্ৰাৰ্থী নিদিয়াত ক্ষোভ প্ৰকাশ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।দলীয় কৰ্মীসকলৰ মতামতক গুৰুত্ব দি এতিয়াও বিষয়টো পুণৰ বিবেচনাৰে সমষ্টি টোত বিজেপি প্ৰাৰ্থী ঠিয় কৰাই বন্ধুত্ব পূৰ্ণ প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ নেতৃত্বক আহবান জনাই।উল্লেখযোগ্য যে সমষ্টি টোৰ বিজেপি কৰ্মীসকলে এইবাৰ নিজা প্ৰাৰ্থী প্ৰক্ষেপৰ দাবী জনাই আহিছিল।যোৱা কায্যকালত অগপ বিধায়ক জনৰ কামকাজত অসন্তোষ্ট বিজেপি কৰ্মীসকলে অগপ প্ৰাৰ্থীজন এইবাৰ পৰাজিত হোৱাৰ পূৰ্ণ আকংশা ব্যক্ত কৰি দলৰ ১০০ প্লাছ মিছন সফল হোৱাৰ স্বাৰ্থতে দেৰগাঁৱত বিজেপি প্ৰাৰ্থী প্ৰক্ষেপৰ দাবী জনোৱা হৈছিল বুলি ব্যক্ত কৰে।অন্যহাতে দেৰগাঁৱত অগপতকৈ বিজেপি ৰ সংগঠন ভেটি এতিয়া বহুত শক্তিশালী বুলিও তেওলোকে ব্যক্ত কৰে। দলীয় কৰ্মীৰ মতামত,আবেগ,অনুভূতিক নেতৃত্বই গুৰুত্ব নিদিয়া বিষয়টোত তীব্র ক্ষোভ প্ৰকাশ কৰি এইসকল বিজেপি কৰ্মীয়ে আজি একপ্ৰকাৰ সমূহীয়া ভাৱে সকলো বিষয়বাবৰ পৰা পদত্যাগ কৰাৰ ভাবুকি দিয়ে। ইপিনে, সমষ্টিটোৰ প্ৰাৰ্থীত্ব নিশ্চিত হৈ গুৱাহাটীৰ পৰা গৃহাভিমুখে অহাৰ পথত বিধায়ক তথা এইবাৰৰো মিত্ৰজোঁটৰ প্ৰাৰ্থী ভৱেন্দ্ৰ নাথ ভৰালীক দেৰগাঁৱৰ অগপ কায্যালয়ত দলীয় কৰ্মীসকলে উষ্ম আদৰণি জনাই।বিজেপিৰ এগৰাকী বঞ্চিত প্ৰাৰ্থীত্বৰ দাবীদাৰ মৃদুপৱন দাসসহ কেবাজনো দলীয় নেতাৰ সৈতে গুৱাহাটীৰ পৰা আহি থকা ভৰালীক দেৰগাঁৱত ঢোলে দগৰে,আটচবাজী ফুটাই আদৰণি জনাই বিভিন্ন শ্লগানেৰে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে মটৰ চাইকেল ৰেলী কৰি অগপ বিজেপি কৰ্মীসকলে যোৰহাট দিশে আগবঢ়াই লৈ যায়।

No comments