Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ধিঙত বিশ্ব কবিতা দিৱস উদযাপন; ফাগুন আৱাহন শীৰ্ষক কবিতানুষ্ঠান সম্পন্ন

গনবাৰ্তা, টুকটুকী , ২১ মাৰ্চঃ   সদৌ অসম কবি সন্মিলনৰ অন্তভূক্ত নগাওঁ জিলা কবি সন্মিলনৰ উদ্যোগত আৰু ধিং আঞ্চলিক কবি সন্মলনৰ সৌজন্যত আজি নগাওঁ...


গনবাৰ্তা, টুকটুকী , ২১ মাৰ্চঃ
  সদৌ অসম কবি সন্মিলনৰ অন্তভূক্ত নগাওঁ জিলা কবি সন্মিলনৰ উদ্যোগত আৰু ধিং আঞ্চলিক কবি সন্মলনৰ সৌজন্যত আজি নগাওঁ জিলাৰ ধিঙত বিশ্ব কবিতা দিৱস উদযাপন কৰা হয়৷ এই উপলক্ষে আজি পুৱা ১০ বজাত ধিং আঞ্চলিক কবি সন্মলনৰ সভানেত্ৰী নিৰলা শইকীয়াৰ বাসগৃহত ফাগুনৰ আৱাহন শীৰ্ষক এটি কবিতাৰ অনুষ্ঠান অনুষ্ঠিত হয়৷ এগচি বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে নগাওঁ জিলা কবি সন্মিলনৰ সভাপতি দিলীপ নাথে৷ নগাঁও জিলা কবি সন্মিলনৰ সম্পাদক পবন শৰ্মাই আতঁ ধৰা ফাগুনৰ আহ্বান শীৰ্ষক অনুষ্ঠানটিৰ সঞ্চালনা কৰে প্ৰাক্তন অধ্যক্ষ তথা সমাজ কৰ্মী বকুল চন্দ্ৰ শৰ্মাই৷ কবি কৰবি শইকীয়া এটি বৰগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত কবি তথা নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নিত্যানন্দ বৰা, অনিমা বৰা, নগাঁও জিলা কবি সন্মিলনৰ কাৰ্যকৰী সদস্যা বন্দনা নাথ ঠাকুৰীয়া, নগাঁও জিলাৰ উপসভাপতি জিতেন্দ্ৰ নাথ হাজৰিকা, জাগৰন সাহিত্য গোষ্ঠী ধিঙৰ মুখ্য সম্পাদক প্ৰেমেশ্বৰ ঠাকুৰীয়া, ক্ষিৰধৰ নাথ, পল্লৱী শৰ্মা, বিকাশ নাথৰ কথা কবিতাৰে ৰাইজক মুগ্ধ কৰে, সদৌ অসম কবি সন্মিলনৰ নতুন কবিতাৰ মুখপত্ৰৰ সম্পাদক মদাৰজ্যোতিকে ধৰি প্ৰায় দুকুৰী নবিন প্ৰবিন কবিয়ে কবিতা পাঠ কৰে৷ তদুপৰি কবি ৰাহুল দেৱ বৰদলৈৰ এটি সুমধুৰ গীতেৰে অনুষ্ঠানটিৰ সৌষ্ঠৱ বঢ়ায়৷ এই অনুষ্ঠানত অঞ্চলটোৰ প্ৰায় শতাধিক কবি সাহিত্যকে অংশগ্ৰহণ কৰে৷ আনহাতে পোছাক ৯৯ আৰু ধিং জাগৰন সাহিত্য গোষ্ঠীৰ সহযোগত শ্ৰী শ্ৰী জগন্নাথ মন্দিৰ মুকলি মঞ্চত আজি বিশ্ব কবিতা দিৱসৰ লগত সংগতি ৰাখি কপৌফুলাৰ বতৰত গীত আৰু কবিতাৰ আন এক অনুষ্ঠান অনুষ্ঠিত হয়৷ দিনৰ দুই বজাত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি গোষ্ঠীৰ লগত জড়িত প্ৰয়াত দিন বৰা, কিনাৰাম ঠাকুৰীয়া আৰু পৰিমল বিশ্বাসৰ প্ৰতিচ্ছবিৰ সন্মুখত এগচিকৈ বন্তি প্ৰজ্বলন কৰে ক্ৰমে, দিলীপ নাথ আৰু মুকুল বৰাই৷ ইয়াৰ পাছতেই মনশ্ৰী গোস্বামীৰ এটি গীতেৰে অনুষ্ঠিত হোৱা গীত আৰু কবিতা অনুষ্ঠানৰ সঞ্চালনা কৰে গোষ্ঠীৰ সভাপতি মুকুল বৰাই৷ গোষ্ঠীৰ সম্পাদক প্ৰেমেশ্বৰ ঠাকুৰীয়াই আতঁ ধৰা অনুষ্ঠানত বহু সংখ্যক কবিয়ে কবিতা পাঠ কৰাৰ লগতে গীত পৰিবেশনো কৰা হয়৷ উল্লেখযোগ্য যে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা চিত্ৰাংকন আৰু কবিতা আবৃত্তি প্ৰতিযোগিতাত বিজয়ী প্ৰতিযোগী সকলক পুৰস্কাৰ প্ৰদান কৰা হয়৷

No comments