Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

টীয়কত নিৰ্বাচনীৰ ৰণডংকা অজস্ৰ সৰ্মথকক লৈ টীয়ক সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী পল্লবী গগৈৰ মনোনয়ন পত্ৰ দাখিল।

  গণ বাৰ্তা, টীয়ক, ৮ মাৰ্চঃ  বিধান সভা নিৰ্বাচনৰ ৰণডংকা বজাই পোন প্ৰথমেই অজস্ৰ  সমৰ্থকৰ উপস্থিতিত আজি মনোনয়ন পত্ৰ  দাখিল কৰে টীয়কৰ  কংগ্ৰেছৰ...

 


গণ বাৰ্তা, টীয়ক, ৮ মাৰ্চঃ  বিধান সভা নিৰ্বাচনৰ ৰণডংকা বজাই পোন প্ৰথমেই অজস্ৰ  সমৰ্থকৰ উপস্থিতিত আজি মনোনয়ন পত্ৰ  দাখিল কৰে টীয়কৰ  কংগ্ৰেছৰ প্ৰাৰ্থী পল্লৱী গগৈয়ে । টীয়কৰ বাসগৃহৰ পৰা এক বৃহৎ শোভাযাত্ৰাৰে মনোনয়ন দাখিল কৰিবলৈ ওলোৱা প্ৰাৰ্থীগৰাকীয়ে  প্ৰয়াত কৰ্মযোগী বিধায়ক মেম্বৰ গগৈ আৰু সদ্য প্ৰয়াত কংগ্ৰেছৰ নিষ্ঠাবান কৰ্মী ৰেবত বৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি তেওঁৰ আধৰুৱা সপোন পূৰণৰ বাবে আৰ্শীবাদ বিচাৰি সেৱা লয়। আনহাতে বহু  জল্পনাৰ অন্ততঃ সমষ্টিটোত অগপ বিজেপি মিত্ৰজোটে ৰেনুপমা ৰাজখোৱাক পুনৰ প্ৰাৰ্থীত্ব প্ৰক্ষেপ কৰাত যেন উৎফুল্লিত হৈ পৰিছে কংগ্ৰেছৰ সমৰ্থকসকল। এইবাৰ বিপুল ভোটৰ ব্যৱধানত কংগ্ৰেছৰ জয় নিশ্চিত বুলি আশা প্ৰকাশ কৰে। লক্ষণীয় যে আজি নাৰী দিৱসৰ  প্ৰতিগৰাকী নাৰীকে প্ৰাৰ্থীগৰাকীয়ে শুভেচ্ছা জনোৱাৰ লগতে টীয়কৰ নাৰী শক্তি একগোট হৈ সকলোকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায়। ইফালে  মিত্ৰজোটৰ প্ৰাৰ্থী ৰেনুপমা ৰাজখোৱাই ৯ মাৰ্চ মঙ্গলবাৰে  মনোনয়ন দাখিল কৰিব বুলি জানিব পৰা গৈছে। উল্লেখনীয় যে  টীয়ক বিধান সভা সমষ্টিৰ  মুঠ এক লাখ একত্ৰিশ হাজাৰ দুশ আঠানব্বৈ গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব লগীয়া দলীয় প্ৰাৰ্থীৰ ভিতৰত কংগ্ৰেছ আৰু মিত্ৰজোটৰ মাজৰ ৰণখন আকৰ্ষণীয় যে হ'ব সেয়া নিশ্চিত হৈ পৰিছে।

No comments