Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

টুনমণি বৰদলৈৰ গ্ৰন্থ উন্মোচন

ষ্টাফ ৰিপৰ্টাৰ, ১২ মাৰ্চ  : যোৰহাটঃ   অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় আৰু যোৰহাট জিলা সাহিত্য সভাৰ উদ্যোগত যোৰহাট জিলা খেল পথাৰত অনুষ্...


ষ্টাফ ৰিপৰ্টাৰ, ১২ মাৰ্চ  : যোৰহাটঃ   অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় আৰু যোৰহাট জিলা সাহিত্য সভাৰ উদ্যোগত যোৰহাট জিলা খেল পথাৰত অনুষ্ঠিত হোৱা গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱত টুনমণি বৰদলৈৰ দুখন গ্ৰন্থ উন্মোচন হয়। কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক ৰমানন্দন বৰাই আঁত ধৰা অনুষ্ঠানটিত যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি ড০ ৰাতুল চন্দ্ৰ বৰাই সভাপতিত্বত কৰে। টুনমণি বৰদলৈৰ অণুগল্প সংকলন জেতুকা বুলীয়া জীৱন উন্মোচন কৰে বিশিষ্ট কবি,গল্পকাৰ ডাঃ মাখন কলিতাই আৰু কাব্য সংকলন 'আই' উন্মোচন কৰে জে বি কলেজৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড০ জ্যোতিৰেখা হাজৰিকাই। অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ড০ বসন্ত কুমাৰ গোস্বামীয়েও দুয়োখন গ্ৰন্থৰ বিষয়ে বক্তব্য আগবঢ়ায় । উক্ত অনুষ্ঠানত ড০ অনিল গগৈ , নাৰায়ণ ভূঞা,অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদক প্ৰতাপ চন্দ্ৰ বৰুৱা, অসম লেখিকা সংস্থাৰ প্ৰাক্তন সভাপতি যোগমায়া গগৈ,যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নিৰদা গগৈ বৰা, মৃণালিনী গোস্বামী, ত্ৰৈলোক্য শৰ্মা,হেমচন্দ্ৰ গগৈ ,মাধৱ মহন্ত, ৰাজীৱ বৰদলৈকে প্ৰমুখ্য কৰি বহুলোকে অংশগ্ৰহণ কৰে । গ্ৰন্থ দুখনৰ প্ৰকাশক নগাঁওৰ আনন্দ প্ৰকাশ।

No comments