Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

অসম বিধানসভা নিৰ্বাচন: তেজপুৰত নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লয় জিলা নিৰ্বচনী বিষয়াই

  ষ্টাফ ৰিপ'ৰ্টাৰ, তেজপুৰ, ১৩ মাৰ্চ : তেজপুৰ নিৰ্বাচন জিলাৰ ৫টা বিধানসভা সমষ্টিত অহা ২৭ মাৰ্চত অনুষ্ঠিত হবলগীয়া নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাব...


 
ষ্টাফ ৰিপ'ৰ্টাৰ, তেজপুৰ, ১৩ মাৰ্চ : তেজপুৰ নিৰ্বাচন জিলাৰ ৫টা বিধানসভা সমষ্টিত অহা ২৭ মাৰ্চত অনুষ্ঠিত হবলগীয়া নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে জিলা প্ৰশাসনে হাতত লোৱা বিভিন্ন পদক্ষেপৰ পৰ্যালোচনা কৰে জিলা নিৰ্বচনী বিষয়া তথা উপয়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙে ৷ শুক্ৰবাৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজন কৰা সভাত ভাৰতৰ নিৰ্বাচন আয়োগে নিয়োগ কৰা নিৰ্বাচন সাধাৰণ পৰ্যবেক্ষক ক্ৰমে দিনেশ টি ৱাঘমাৰে, কে. বিজু, ডা: এচ. সুৰশ কুমাৰ, আৰক্ষী পৰ্যবেক্ষক দি.কে. গুপ্টাৰ লগতে বিভিন্ন কোষসমূহৰ দায়িত্বত থকা বিষয়াসকল উপস্থিত থাকি বৰ্তমান এই কোষ সমূহত চলি থকা কামৰ অগ্ৰগতিৰ বিষয়ে জিলা নিৰ্বচনী বিষয়াগৰাকীক অৱগত কৰে  ৷  সভাত কামৰ অগ্ৰগতিৰ খতিয়ান দাঙি ধৰি ভাৰপ্ৰাপ্ত নিৰ্বাচনী বিষয়া অন্তৰীপা দৈমাৰীয়ে তেজপুৰ নিৰ্বাচনী জিলাত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ লগত জড়িত প্ৰিজাইডিঙ আৰু প’লিং বিষয়াসকলৰ লগতে মণ্ডল আৰু চেক্টৰ বিষয়াসকলৰো প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ ইতিমধ্যে প্ৰদান কৰা হৈছে বুলি জানিবলৈ দিয়ে আৰু ১৩ মাৰ্চৰ পৰা দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ আৰম্ভ হব বুলি সকলোকে অৱগত কৰে ৷ ই.ভি.এম/ ভি.ভি.পেট’ৰ সঠিক ব্যৱহাৰৰ আৰু কাৰ্যপ্ৰণালীৰ বিষয়ে অৱগত কৰাবলৈ বিষয়াসকলক ব্যৱহাৰীক প্ৰশিক্ষণো প্ৰদান কৰা হয় বুলিও তেখেতে জানিবলৈ দিয়ে ৷ আনহাতে, আগন্তুক নিৰ্বাচনৰ বাবে নিয়োগ কৰা সুক্ষ্ম-পৰ্যবেক্ষকসকলকো সাধাৰণ পৰ্যবেক্ষকৰ তত্তাৱধানত তেখেতসকলে পালন কৰিব লগীয়া দায়িত্বৰ বিষয়েও অৱগত কৰোৱা হয় ৷  তদুপৰি, আগন্তুক নিৰ্বাচনত ব্যৱহাৰ হ’বলগীয়া ই.ভি.এম আৰু ভি.ভি.পেট মেচিনৰ প্ৰথম পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন কাৰ্যসূচী ৬ মাৰ্চত সম্পন্ন কৰা হয় ৷ উল্লেখ্য যে তেজপুৰ নিৰ্বাচনী জিলাৰ মুঠ ১৩২৪টা ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে এইবাৰ সৰ্বমুঠ ১৩২৪টা এনে ই.ভি.এম/ ভি.ভি.পেট চেট প্ৰয়োজন হোৱাৰ বিপৰিতে জিলাখনৰ বাবে ২৭ শতাংশ বেলট ইউনিত, কন্ট্ৰল ইউনিত আৰু ভি.ভি.পেট মেচিন আছুতীয়াকৈ সংৰক্ষণ কৰি ৰখা হৈছে ৷ এইবাৰ তেজপুৰ নিৰ্বাচনী জিলাত ১১১৮ টা মূল ভোটগ্ৰহণ কেন্দ্ৰ আৰু ২০৬ টা সহায়কাৰী ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে ৷ আজি সৰ্বমুঠ ১৬৮৪টা এনে ই.ভি.এম/ ভি.ভি.পেট চেটৰ ২য় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন কৰা হয় ৷ আনহাতে, নিৰ্বাচনৰ সময়ত যাতে জিলাখনত নিৰ্বাচনী বিধি উলংঘা নহয় আৰু স্বচ্ছ-নিকাভাৱে নিৰ্বাচন সম্পন্ন হয়, তাৰ বাবে তেজপুৰ নিৰ্বাচনী জিলাৰ অন্তৰ্গত ৫ টা বিধানসভা সমষ্টিৰ প্ৰতিটোতে ষ্টেটিক চাৰভেইলেন্চ টীম, ফ্লায়িং স্কোৱাড আৰু প্ৰাৰ্থীসকলৰ নিৰ্বাচনী প্ৰচাৰত হোৱা ব্যয়ৰ হিচাপ ৰখাৰ বাবে ভিডিঅ’ চাৰভেইলেন্চ টীম গঠন কৰি স্থানীয় ৰাজহ চক্ৰ বিষয়াসমূহৰ তত্ত্বাৱধানত কাৰ্যকৰী কৰা হৈছে ৷ ইয়াৰ ওপৰিও প্ৰাৰ্থীসকলৰ নিৰ্বাচনী প্ৰচাৰত হোৱা ব্যয়ৰ হিচাপ ৰখাৰ বাবে ব্যয় পৰীক্ষণ টীমৰ লগতে ভিডিঅ’ পৰীক্ষণ টীম গঠন কৰা হৈছে ৷  তদুপৰি, নিৰ্বাচনৰ আচৰণ বিধি, প্ৰচাৰৰ নিয়ম-নীতি, দলৰ প’লিং এজেণ্ট নিয়োগ কৰা নিয়ম, প্ৰাৰ্থীসকলৰ ব্যয়ৰ সীমা, খৰচৰ খতিয়ান জমা দিয়া নিয়ম আদিৰ বিষয়ে অৱগত কৰোৱা উদ্দেশ্যে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে জিলা প্ৰশাসনৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায় ৷ সভাত কেন্দ্ৰীয় সাধাৰণ পৰ্যবেক্ষক ক্ৰমে দিনেশ টি ৱাঘমাৰে, কে. বিজু, ডা: এচ. সুৰশ কুমাৰ, আৰক্ষী পৰ্যবেক্ষক দি.কে. গুপ্টা, নিৰ্বাচন ব্যয় পৰ্যবেক্ষক এ.ই.পি দুকুৰীয়া উপস্থিত থাকি প্ৰাৰ্থিসকলক নিৰ্বাচনৰ বিভিন্ন দিশ সমূহৰ বিষয়ে ব্যাখ্যা আবঢ়ায় ৷  নিৰ্বাচনী প্ৰচাৰৰ বাবে শুভাযাত্ৰা উলিওৱা, ৰাজহুৱা স্থানত সভা অনুষ্ঠিত কৰা, অনুভাষ যন্ত্ৰৰ ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰশাসনৰ পৰা আগতীয়াকৈ অনুমতি ল’বলৈ ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰস্তুত কৰা ‘সুবিধা’ এপ্লিকেশ্যনটিৰ বিষয়ে অতিৰিক্ত উপায়ুক্ত লাচিত কুমাৰ দাসে উপস্থিত সকলকে অৱগত কৰে ৷ জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে আগন্তুক নিৰ্বাচন নিয়াৰিকৈ পৰিচালনা কৰাৰ ক্ষেত্ৰত ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলৰ পৰা সহায় সহযোগিতা কামনা কৰি এই ক্ষেত্ৰত সকলোৰে প্ৰতি আহবান জনায় ৷

No comments