Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

প্ৰাৰ্থিত্বক লৈ সম সমষ্টিয়ে সমষ্টিয়ে বিদ্ৰোহৰ জুইঃ মিত্ৰজোঁটৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত তীব্ৰতৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৬ মাৰ্চ ঃ নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনীতি গৰম হৈ পৰিছে। শেহতীয়াকৈ মিত্ৰজোঁটৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতে ভয়া...


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৬ মাৰ্চ ঃ নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনীতি গৰম হৈ পৰিছে। শেহতীয়াকৈ মিত্ৰজোঁটৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতক কেন্দ্ৰ কৰি এতিয়া সমষ্টিয়ে সমষ্টিয়ে তৃণমূল কৰ্মীৰ মাজত বিদ্ৰোহৰ জুই জ্বলিছে। বঞ্চিত প্ৰাৰ্থী মুকলিভাৱে ওলাই আহি দলীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে। বিশেষকৈ কালি বিজেপিয়ে ৭০টা সমষ্টিৰ প্ৰাৰ্থিত্বৰ তালিকা ঘোষণা কৰাৰ পিছতেই তৃণমূল কৰ্মীৰ মাজত ক্ষোভৰ জুই জ্বলিছে। একাংশ সমষ্টিত জ্যেষ্ঠ নেতাক বঞ্চিত কৰি গণ ভিত্তি নথকা প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ অভিযোগ উঠিছে। কেৱল এয়াই নহয়, বৰ্তমানৰ ১১জনকৈ বিধায়কৰ টিকট কৰ্তন কৰা হ’ল। সমষ্টি উন্নয়নত সফল হোৱাৰ পিছতো একাংশ বিধায়কৰ প্ৰাৰ্থিত্ব কৰ্তন কৰাক লৈ এতিয়া সমষ্টিত তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ মাজত ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে। সমান্তৰালভাৱে অগপৰ চাৰি বিধায়কে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱাক কেন্দ্ৰ কৰি এতিয়া সমষ্টিত জ্বলিছে জুই। বঢ়মপুৰ, নাহৰকটীয়া, কমলপুৰ, লখিমপুৰ, পাটাছাৰকুছি সমষ্টিৰ অগপ কৰ্মীৰ মাজত ক্ষোভ বৃদ্ধি পাইছে। মূলতঃ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতে মিত্ৰজোঁটত এতিয়া মূৰ দাঙি উঠিছে।

 বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গোঁহায়ো বঞ্চিত হৈছে টিকটৰ পৰা। নগাঁও অথবা বঢ়মপুৰৰ পৰা ৰাজেন গোঁহায়ে প্ৰাৰ্থিত্ব বিচাৰিছিল। কিন্তু প্ৰাৰ্থিত্ব প্ৰদান কৰা নহ’ল। যাৰ পৰিপ্ৰেক্ষিতত এতিয়া নগাঁৱত বিজেপি কৰ্মীৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। ইপিনে, পানেৰী সমষ্টিত বিজেপিয়ে বিশ্বজিৎ দৈমাৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰাক লৈ ইউ পি পি এলৰ মাজত বিদ্ৰোহৰ সূচনা হৈছে। কোনোকাৰণতেই পানেৰী সমষ্টি বিজেপিক এৰি নিদিয়াৰ হুংকাৰ দিছে। পানেৰীত কোনো চালানী প্ৰাৰ্থীক গ্ৰহণ নকৰাৰ হুংকাৰ দিছে। আজি ভেৰগাঁৱত ইউ পি পি এলৰ এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। উক্ত সভাতেই বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে ইউ পি পি এলে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি বিজেপি মুৰ্দাবাদ, হিমন্ত মুৰ্দাবাদ ধবনিৰে উত্তাল হৈ পৰে ভেৰগাঁও মহকুমা। পিছত প্ৰতিবাদকাৰীসকলে মন্ত্ৰী হিমন্ত, সাংসদ বিশ্বজিৎ দৈমাৰী, সাংসদ দিলীপ শইকীয়াৰ প্ৰতীকৃতী দাহ কৰে। 

ইপিনে, ডেৰগাঁও বিধানসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থিত্বক লৈ কৰ্মীৰ মাজত অসন্তুষ্টিয়ে দেখা দিছে। অকৰ্মণ্য বিধায়ক হিচাপে চিহ্নিত ভৱেন্দ্ৰনাথ ভৰালীক পুনৰ বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰাত দলীয় কৰ্মীৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। ইপিনে, দুধনৈ সমষ্টিত দীপক ৰাভাক বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান নকৰাত সমষ্টিটোত ক্ষোভৰ জুই জ্বলিছে। ক্ষুব্ধ বিজেপি কৰ্মীয়ে আজি দুধনৈ সমষ্টিত বিজেপিৰ কাৰ্যালয়ত তলা ওলোমাই প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে বাক্সাৰ বিজেপিৰ ভিতৰচ’ৰাত। আজি বাক্সা জিলাৰ ২৬নং বৰমা বিধানসভা সমষ্টিত বিজেপি কৰ্মীৰ ক্ষোভে লয় চূড়ান্ত ৰূপ। বৰমা সমষ্টিত বিজেপিৰ সাংগঠনিক ভেটি শক্তিশালী হোৱাৰ পিছতো ইউ পি পি এলক উক্ত সমষ্টি এৰি দিয়া বিষয়টোক লৈ বিজেপি কৰ্মীৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। যাৰ পৰিপ্ৰেক্ষিতত আজি তৃণমূল বিজেপি কৰ্মীসকলে বৰমাৰ ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। 

আনকি, বিজেপি দলৰ বেনাৰ-পোষ্টাৰ সকলো জ্বলাই ভস্মীভূত কৰে। বৰমাৰ মাজমাজিয়াত থকা বিজেপিৰ কাৰ্যালয়তো তলা ওলেমাই দিয়ে ক্ষুব্ধ কৰ্মীয়ে। আনহতে, ছিপাঝাৰ সমষ্টিত বিজেপিয়ে পৰমানন্দ ৰাজবংশীক প্ৰাৰ্থিত্ব প্ৰদান কৰা বিষয়টোক কোনোপধ্যে সহজভাৱে ল’ব পৰা নাই কৰ্মীসকলে। বিজেপি কৰ্মীসকলে পৰমানন্দক কোনোকাৰণতে প্ৰাৰ্থী হিচাপে গ্ৰহণ নকৰে বুলি হুংকাৰ দিছে। উত্তৰ কৰিমগঞ্জ সমষ্টিতো জ্যেষ্ঠ নেতাক বঞ্চিত কৰি কনিষ্ঠক প্ৰাৰ্থিত্ব প্ৰদান কৰা বিষয়টোক লৈ দলীয় কৰ্মীৰ মাজত বৃদ্ধি পাইছে ক্ষোভ। মূলতঃ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতে এতিয়া মিত্ৰজোঁটত ভয়াৱহ ৰূপ ধাৰণ কৰিছে। অগপ-বিজেপিৰ ভিতৰচ’ৰাত সংঘাতে মূৰ দাঙি উঠিছে। সমষ্টিয়ে সমষ্টিয়ে এতিয়া দলীয় নেতা-কৰ্মীৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে। ঠায়ে ঠায়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ হৈছে। 

No comments