Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটত প্ৰগতিশীল মহিলা পৰিষদৰ কুইজ প্ৰতিযোগিতা সম্পন্ন

  ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট ১৪ মাৰ্চ: যোৰহাটৰ চেণ্ট্ৰেল ক্লাৱত আজি প্ৰগতিশীল মহিলা পৰিষদৰ এখনি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় । বিশিষ্ট কবি সাহ...

 


ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট ১৪ মাৰ্চ: যোৰহাটৰ চেণ্ট্ৰেল ক্লাৱত আজি প্ৰগতিশীল মহিলা পৰিষদৰ এখনি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় । বিশিষ্ট কবি সাহিত্যিক তথা প্ৰগতিশীল মহিলা পৰিষদৰ সভাপতি আৰেছা বেগমে পৰিচালনা কৰা আৰু পৰিষদৰ সম্পাদিকা তচলিমা বেগমে আঁত ধৰা কুইজ প্ৰতিযোগিতা খনত যোৰহাটৰ বহু মহিলাই অংশগ্ৰহণ কৰে । সাধাৰণ জ্ঞান ,ধৰ্মীয় আদি কুইজ প্ৰতিযোগিতা খনত প্ৰথম স্থান লাভ কৰে শ্বামীম ৰাফিকা ৰহমান আৰু আফৰুজা বেগমে ,, দ্বিতীয় স্থান লাভ কৰে চায়েৰা বেগম আৰু ইভলিন আলিয়ে আৰু তৃতীয় স্থান লাভ কৰে তচনিম আহমেদ আৰু চেমিম চুলতানা কৰিমে । বিশিষ্ট সাহিত্যিক মৃদুল বৰা উপস্থিত থকা কুইজ প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভাখনত যোৰহাট নগৰৰ ফাঁচি আলিৰ নিৰ্বাসী তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী আয়েছা চিদ্দিকাক প্ৰগতিশীল মহিলা পৰিষদৰ যোৰহাট জিলা সমিতিয়ে সম্বৰ্ধনা জনায় ।

No comments