বাবু মনি শৰ্মা, মৰিগাঁও, ১০ মাৰ্চ : কেন্দ্ৰীয় চৰকাৰৰ জলশক্তি মন্ত্ৰনালয়ৰ অনুমোদন সাপেক্ষে সমগ্ৰ দেশতে নেহেৰু যুৱ কেন্দ্ৰৰ উদ্যোগত বৰষুণৰ পান...
বাবু মনি শৰ্মা, মৰিগাঁও, ১০ মাৰ্চ: কেন্দ্ৰীয় চৰকাৰৰ জলশক্তি মন্ত্ৰনালয়ৰ অনুমোদন সাপেক্ষে সমগ্ৰ দেশতে নেহেৰু যুৱ কেন্দ্ৰৰ উদ্যোগত বৰষুণৰ পানী সংৰক্ষণ আৰু ইয়াৰ ব্যৱহাৰৰ উপৰত বিভিন্ন ধাৰণৰ সজাগতা মূলক কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ৷ ইয়াৰ সমান্তৰালকৈ মৰিগাঁও জিলা নেহেৰু যুৱ কেন্দ্ৰই জিলাখনত বিভিন্ন সময়ত বিভিন্ন ধৰনৰ সজাগতা মূলক অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে ৷ আজি মৰিগাঁও জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উদ্যোগত আৰু মৰিগাঁও জিলা প্ৰশাসনৰ সহয়োগত মৰিগাঁও নগৰৰ কেবাটাও স্থানত বৰষুণৰ পানী সংৰক্ষণ আৰু ইয়াৰ ব্যৱহাৰৰ উপৰিও সমাগত বিধানসভা নিৰ্বাচনৰ সন্দৰ্ভত ভোটাৰৰ সজাগতা মূলক বাটৰ নাট প্ৰদৰ্শন কৰা হয় ৷ নগাঁৱৰ শিল্পী কানন নাট্য গোষ্ঠীয়ে পৰিৱেশন কৰা এই সজাগতা মূলক নাটৰ জৰিয়তে মৰিগাঁও নগৰত দুয়োটা বিষয়তে বিশেষ সজাগতা বৃদ্ধি কৰিবলৈ সক্ষম হয় ৷
No comments