এইবাৰ ৰাইজ জাতীয়তাবাদৰ পক্ষত - এই ভাষ্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ গণ বাৰ্তা, ডিব্ৰুগড়, ৮ মাৰ্চঃ নাহৰকটীয়া বিধানসভা সমষ্টিৰ প্...
এইবাৰ ৰাইজ জাতীয়তাবাদৰ পক্ষত - এই ভাষ্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ
গণ বাৰ্তা, ডিব্ৰুগড়, ৮ মাৰ্চঃ নাহৰকটীয়া বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্ব লাভ কৰি লুৰিণজ্যোতি গগৈ আজি নাহৰকটীয়াত উপস্থিত হোৱাৰ পাছতেই এজেপিৰ দলীয় কাৰ্যকৰ্তাৰ লগতে প্ৰায় ৩০০০ অনুৰাগী শুভাকাংক্ষীৰ সহযোগত নাহৰকটীয়াত বাহিৰ কৰা হয় এক বিশাল নিৰ্বাচনী ৰেলী। অসম জাতীয় পৰিষদৰ নাহৰকটীয়া কাৰ্যালয়ৰ পৰা আৰম্ভ হোৱা এই ৰেলীয়ে শংকৰ সংঘ নামঘৰ পৰ্যন্ত অতিক্ৰম কৰি নিৰ্বাচনী প্ৰচাৰ চলায়। এই ৰেলীত অংশগ্ৰহণ কৰি লুৰিণজ্যোতি গগৈয়ে কয় যে, বিগত সময়ছোৱাত ৰাষ্ট্ৰীয় দলসমূহে অসমৰ ওপৰত কৰা শোষণ অন্যায় অবিচাৰ আৰু অসমৰ সম্পদৰ ওপৰত তেওঁলোকৰ যি চকু তাৰ প্ৰত্যুত্তৰ দিবলৈ ৰাইজ সাজু আৰু ৰাজনৈতিক ক্ষেত্ৰত অসমক ন্যায় নিদিয়াৰ বাবে অসমৰ ৰাইজে এইবাৰ জাতীয়তাবাদৰ পক্ষত ঠিয় দিছে।
No comments