গণ বাৰ্তা বিশেষ, লখিমপুৰ ২০ মাৰ্চ : লখিমপুৰ জিলাৰ ১০৯ নং বিহপুৰীয়া, ১১০ নাওঁবৈছা, ১১১ নং লখিমপুৰ আৰু ১১২ নং ঢকুৱাখনা বিধান সভা সমষ্টিত তুৰং...
গণ বাৰ্তা বিশেষ, লখিমপুৰ ২০ মাৰ্চ : লখিমপুৰ জিলাৰ ১০৯ নং বিহপুৰীয়া, ১১০ নাওঁবৈছা, ১১১ নং লখিমপুৰ আৰু ১১২ নং ঢকুৱাখনা বিধান সভা সমষ্টিত তুৰংগত চলিছে নিৰ্ব্বাচনী প্ৰচাৰ। প্ৰতিটো দলৰ জেষ্ঠ নেতা সকলে নিজ নিজ প্ৰাৰ্থীৰ হৈ নিৰ্ব্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত। আজি অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে চাবুৱাত প্ৰধানমন্ত্ৰীৰ প্ৰচাৰ সভাৰ অন্তত পোনে পোনে লখিমপুৰ বিধান সভা সমষ্টিৰ বি জে পিৰ প্ৰাৰ্থী মানৱ ডেকাৰ হৈ নিৰ্ব্বাচনী প্ৰচাৰৰ বাবে জহিং কৈইলামাৰী চাহ বাগিছা খেলপথাৰত উপস্হিত হৈ ভাষণ প্ৰদান কৰে।ভাষণ প্ৰসংগত মূখ্যমন্ত্ৰী সোনোৱালে কয় যে অসমত প্ৰথমবাৰৰ বাবে বি জে পি দলে চৰকাৰ চলাই ক্ষীপ্ৰ গতিত উন্নয়ন কৰি বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে ৰাইজৰ সমাদৰ লাভ কৰিছে। চৰকাৰৰ বহু কৰিবলগীয়া কাম বাকী আছে। এইবাৰো ৰাইজে পুনৰ বি জে পিৰ চৰকাৰ গঠন কৰি পুনৰ সেৱাৰ বাবে সুবিধা দিব বুলি দৃঢ় বিস্বাস। তেখেতে চাহ শ্ৰমিক সকলৰ কল্যাণৰ হকে চৰকাৰে কৰা উন্নয়ন মুলক আচনিৰ কথা কৈ পুনৰ বি জে পি দলক ভোট প্ৰদান কৰিবলৈ আহ্বান জনাই। এই নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকে বি জে পিৰ প্ৰাৰ্থী মানৱ ডেকা, সাংসদ প্ৰদান বৰুৱা, বিহপুৰীয়াৰ বিধায়ক দেৱানন্দ হাজৰিকা।
No comments