Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যমুনামুখত ক্ৰমাৎ বৃদ্ধি হৈছে নিৰ্বাচনী তৎপৰতা : ছিৰাজুদ্দিন আজমলৰ লগতে দিলোৱাৰা চৌধূৰীৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ

কফিল, হোজাই, ১৪ মাৰ্চ : আগন্তক বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত যমুনামুখত নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে ৷ মহাজোঁ...


কফিল, হোজাই, ১৪ মাৰ্চ
: আগন্তক বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত যমুনামুখত নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে ৷ মহাজোঁটৰ সমৰ্থিত এআইইউডিএফৰ প্ৰাৰ্থী ছিৰাজুদ্দিন আজমল, ৰাইজৰ দলৰ প্ৰাৰ্থী দিলোৱাৰা বেগম চৌধুৰীয়ে সমষ্টিৰ বিভিন্ন প্ৰান্তত ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰি ভোট ভিক্ষা কৰিছে ৷ ইতিমধ্যে ৯০ নং যমুনামুখ সমষ্টিত মহাজোঁটৰ প্ৰাৰ্থী ছিৰাজুদ্দিন আজমলে মহাজোঁটৰ সমষ্টিৰ নেতা সকলৰ সৈতে মিলিত হৈ ব্যাপকভাবে নিৰ্বাচনী তৎপৰতা বৃদ্ধি কৰা পৰিলক্ষিত হৈছে ৷ প্ৰাৰ্থী ছিৰাজুদ্দিনৰ সৈতে কংগ্ৰেছৰ যুৱ নেতা ৰেহান উদ্দিন , জিলা পৰিষদৰ সদস্য কামাল ফাৰুকী, ৰেজীয়া চুলতানা, চাহাব উদ্দিন মজুমদাৰৰ লগতে জ্যেষ্ট কংগ্ৰেছী বসিৰ উদ্দিন লস্কৰ ,মাহমুদ হুছেইনকে ধৰি চিপিআই ,চি পি আই (এম)ৰ কমৰেড নুৰুল হক আৰু অন্যান্য সকলে প্ৰাৰ্থী গৰাকীৰ সৈতে একত্ৰিত হৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযানত অব্যাহত ৰাখিছে ৷ কংগ্ৰেছ নেতৃত্বসকলে ভাষণত ছিৰাজুদ্দিন আজমলৰ জয় নিশ্চিত বুলি মন্তব্য কৰে ৷ উল্লেখ্য যে, অহা ১ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া ২য় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে হোজাইৰ তিনিটা সমষ্টি ক্ৰমে - যমুনামুখ সমষ্টিত মহাজোঁটৰ এআইইউডিএফ , অগপ, এজেপি আৰু নিৰ্দলীয়সহ ১৬ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে ৷ মহাজোঁটৰ প্ৰাৰ্থী ছিৰাজুদ্দিন আজমলে চিতলমাৰিত ভাষণ প্ৰসংগত কয়- এইবাৰ সাম্প্ৰদায়িক দল বিজেপিক অসমৰ ৰাজনীতিৰ পৰা উৎসাৎ কৰাৰ উদ্দেশ্যে কংগ্ৰেছ - এআইইউডিএফসহ ৭ টা দলে মহাজোঁটবন্ধন গঠন কৰিছে ৷ ইতিমধ্যে সকলোৱে মোৰ সৈতে মিলি নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে ৷ যমুনামুখৰ সকলো ৰাইজ মোৰ লগত আছে , সেয়েহে মোৰ জয় নিশ্চিত ৷ অহা দিনত মহাঁজোটে চৰকাৰ গঠন কৰিব তাত কোনো সন্দেহ নাই বুলি ছিৰাজুদ্দিন আজমলে মন্তব্য কৰে ৷ আজি সমষ্টিৰ ডবকা, মোৰাঝাৰ, জয়নগৰ, গনিপুৰ বজাৰত এআইইউডিএফৰ নিৰ্বাচনী সভাত প্ৰাৰ্থী আজমলৰ লগতে কংগ্ৰেছ দলৰ বচিৰ লস্কৰ, মাহমুদ হুছেইন, ৰেজিয়া চুলতানা, ৰেহান উদ্দিনসহ বিভিন্নজন বক্তাই সভাত ভাষণ প্ৰদান কৰে ৷ অসমত মহাজোঁটৰ চৰকাৰ গঠন হলে যমুনামুখৰ পৰা ছিৰাজুদ্দিন আজমল নিৰ্বাচিত হৈ এজন কেবিনেট মন্ত্ৰী হব বুলি বিভিন্নজনে ভাষণত মন্তব্য কৰে ৷


No comments