Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

কংগ্ৰেছে ধৰ্মৰ ৰাজনীতি কৰিছে , বিজেপিয়ে মানৱীয়তাৰ: ৰাজনাথ সিং

গণবাৰ্তা বিশেষ, যোৰহাট ১৪ মাৰ্চ : "জাতি ধৰ্মৰ নামত ৰাজনীতি কৰি কংগ্ৰেছে দেশ ভাগ কৰিব বিছাৰিছে| কিন্তু বিজেপিয়ে সদায় মুল্যবোধৰ ৰজনীতি কৰ...


গণবাৰ্তা বিশেষ, যোৰহাট ১৪ মাৰ্চ
: "জাতি ধৰ্মৰ নামত ৰাজনীতি কৰি কংগ্ৰেছে দেশ ভাগ কৰিব বিছাৰিছে| কিন্তু বিজেপিয়ে সদায় মুল্যবোধৰ ৰজনীতি কৰে, মানৱীয়তাবাদক আগস্থান দিয়ে বিজেপিয়ে ।"---- দেৰগাঁও বিধান সভা সমষ্টিৰ বিজেপি মিতৰজোটৰ অগপ প্ৰাৰ্থী ভৱেন ভৰালীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি উত্তৰ পশ্চিম যোৰহাটৰ ঘৰফলীয়া ফিল্ডত অনুস্থিত বিশাল নিৰ্বাচনী সভাত এই মন্তব্য কৰে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে । তেওঁ নিজৰ ভাষন প্ৰসংগত লগতে কয় যে বৰ্তমানৰ কংগ্ৰেছ দলৰ কি হৈছে একো বুজিব নোৱাৰি। প্ৰয়াত তৰুণ গগৈ ১৫ বছৰ ধৰি ৰাজ্যৰ মুখ্য মন্ত্ৰী হৈ আছিল। তেওঁ এ আই ইউ ডি এফৰ লগত মিত্ৰতা কৰা নাছিল । কিন্তু এতিয়া কেৱল চৰকাৰ গঠনৰ ৰাজনীতি কৰি কংগ্ৰেছে আজি এ আই ইউ ডি এফৰ লগত মিত্ৰতা কৰিছে। কেৱল চৰকাৰ বনাবলৈ ৰাজনীতি কৰিব নালাগে । অসমৰ ইতিহাস আছে, গৌৰৱ আছে বুলি মন্তব্য কৰি মন্ত্ৰী জনে কয় যে কংগ্ৰেছে এই মাটিত কি কৰিছে। লাচিত বৰফুকনৰ ভূমি এয়া। বিজেপিৰ বাবে দেশ আৰু ৰাষ্ট্ৰ প্ৰথম আৰু শেষ । লাচিত বৰফুকনে দেশৰ বাবে নিজৰ মোমায়েকৰ কাটিছিল। অসমৰ নাম সমগ্ৰ দেশে জানে । আমি ডিফেন্স একাডেমিৰ শ্ৰেষ্ঠ বঁটা লাচিত বৰফুকনৰ নামত দিওঁ ।কনক লতাৰ ত্যাগ আছে অসমৰ ভূমিত। কংগ্ৰেছক ১৫ বছৰ দিলে আৰু বিজেপি মিত্ৰ জোটৰ ৫ বছৰৰ কামৰ তুলনা কৰক ।ঘৰে ঘৰে শৌচালয়, দুখীয়াৰ ঘৰে ঘৰে গেছ। আয়ুসমান ভাৰত আঁচনি। পৃথিৱীত এনেকুৱা আঁচনি নাই আন কোনো দেশতে নাই|চাহ বাগানৰ বাবে হাজাৰ কোটিৰ আঁচনি গ্ৰহণ কৰা হ'ল| চাহ শ্ৰমিকৰ বেংক একাউন্টত চাহ শ্ৰমিকৰ বাবে ধন দিয়া হৈছে। মজুৰি বৃদ্ধি কৰা হৈছে। 

পূৰ্বতে এশ টকা দিল্লীৰ পৰা দিলে কংগ্ৰেছৰ দিনত ১৬ পইছা ৰাইজে পাইছিল। কিন্তু এতিয়া দিল্লীয়ে যি টকা দিয়ে গোটেই বেংক একাউণ্ট ত সোমাই।পশ্চিম বংগটো এইবাৰ আমাৰ চৰকাৰ হবই আৰু অসমতো মিত্ৰজোটৰ চৰকাৰ হোৱাটো নিশ্চিত হ'ল|অসম বাংলাদেশৰ সীমান্ত খোলা আছিল। সেয়া বিজেপি চৰকাৰে চীল কৰিলে|চীন সীমান্তত আমাৰ সেনা জোৱানৰ যি পৰাক্ৰম , গোটেই বিশ্বই আজি মানিবলৈ বাধ্য হৈছে|আন্তৰাষ্ট্ৰীয় পেক্ষপটত আজি দেশক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিষ্ঠা কৰিছে| সভাত উপস্থিত থাকি অগপৰ সভাপতি অতুল বৰাই নিৰ্বাচনত মিত্ৰজোটৰ জয় নিশ্চিত বুলি মন্তব্য কৰি কয় যে কংগ্ৰেছ আজি বদৰুদ্দিনৰ তলাত বন্দী। আজি বোকাখাত সমষ্টিত টিকেট দিব নোৱাৰিলে কংগ্ৰেছ দলে।বিদেশী আনিলে কংগ্ৰেছে। বাংলাদেশৰ পৰা বিদেশী আহিবলৈ ৰাস্তা খুলি দিলে কংগ্ৰেছে । ৮৮০ জন নিৰীহ অসমীয়াক হত্যা কৰিলে কংগ্ৰেছ দলে|আমাৰ চৰকাৰৰ দিনত দুৰ্নীতি অনিয়ম নোহোৱা হৈছে। কংগ্ৰেছে লেতেৰা কৰি যোৱা বিভাগবোৰ চাফা কৰোঁতেই আমাক এবছৰ মান লাগিল| আনহাতে সৰু সৰু দলবোৰ কংগ্ৰেছ এ আই ইউ ডি এফৰ ঔৰশত জন্ম হৈছে বুলি কয় বৰাই| প্ৰায় ৫ সহস্ৰাধিক ৰাইজৰ উপস্থিত হোৱা সভাত মিত্ৰজোটৰ প্ৰাৰ্থী ভৱেন ভৰালীয়ে আজিৰ সভাই তেওঁৰ জয় নিশ্চিত কৰিলে বুলি মন্তব্য কৰে| আনহাতে ৰাজ্যৰ প্ৰতাপী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীক লগত লৈ যোৰহাট নগৰত পদ যাত্ৰা কৰি বিজেপিৰ প্ৰাৰ্থী জনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ।

No comments