Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

  গণ বার্তা, আমগুৰি ০১ মাৰ্চ : যোৰহাট জিলাৰ চটাইস্থিত উজনি অসমৰ অগ্ৰণী শিক্ষানুষ্ঠান যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত আজি দুপ...

 


গণ বার্তা, আমগুৰি ০১ মাৰ্চ : যোৰহাট জিলাৰ চটাইস্থিত উজনি অসমৰ অগ্ৰণী শিক্ষানুষ্ঠান যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত আজি দুপৰীয়া ছাত্ৰ-ছাত্ৰীসকলে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। জানিব পৰা অনুসৰি প্ৰতিষ্ঠানখনৰ কৰ্তৃপক্ষই বাছ ভাড়াৰ নামত ছাত্ৰ-ছাত্ৰীসকলৰ পৰা ১৫০০ টকাকৈ মাচুল সংগ্ৰহ কৰিছে, যিটো মাচুল দিবলৈ ছাত্ৰ-ছাত্ৰীসকলে অমান্তি প্ৰকাশ কৰিছে। আনহাতে এই মাচুল পৰিশোধ নকৰিলে পৰীক্ষাত বহিবলৈ নিদিয়াৰ হুংকাৰ দিয়ে প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই। ছাত্ৰ-ছাত্ৰীসকলে অভিযোগ দিয়া অনুসৰি প্ৰতিষ্ঠানখনৰ ছাত্ৰ একতা সভাই যোৱা শুক্ৰবাৰে এখন জাননীযোগে এই মাচুল পৰিশোধ কৰিবলৈ আহ্বান জনায়। আনহাতে মঙ্গলবাৰৰ পৰা পৰীক্ষাত বহিব লগা ছাত্ৰ-ছাত্ৰীসকলে দুদিনৰ ভিতৰতে মাচুল পৰিশোধ কৰিব নোৱাৰাৰ কথা অৱগত কৰি সমাধান বিচাৰি কৰ্তৃপক্ষৰ কাষ চপাত কোনোধৰণৰ সমাধান নিদি সমস্যাটো গাপ দিয়াহে পৰিলক্ষিত হয়। প্ৰতিষ্ঠানখনৰ কৰ্তৃপক্ষৰ অমনযোগীতাত ক্ষোভিত হৈ ছাত্ৰ-ছাত্ৰীসকলে ৩৭ নং ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰি এক বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰে। ক'ভিডৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে চৰকাৰী শিক্ষানুষ্ঠানসমূহে ২০২০-২১ বৰ্ষৰ নামভৰ্তি মাচুল সংগ্ৰহ কৰিব নোৱাৰাৰ এখন জাননী প্ৰকাশ কৰিছিল। যিহেতু বাছৰ ভাড়া(পৰিবহণ মাচুল) নামভৰ্তিৰ অন্তৰ্গত এটা ভাগ, গতিকে ছাত্ৰ-ছাত্ৰীসকলে সেই মাচুল পৰিশোধ কৰিবলৈ অমান্তি প্ৰকাশ কৰে। আনহাতে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলাত যিসকল ছাত্ৰ-ছাত্ৰীয়ে নেতৃত্ব লৈছে সেইসকলক বৰ্খাস্ত কৰিব বুলি প্ৰতিষ্ঠানটোৰ nodal officer গৰাকীয়ে ভাবুকি দিছে বুলি ছাত্ৰ-ছাত্ৰীসকলে সংবাদ মাধ্যমৰ আগত অৱগত কৰে। কাইলৈৰ পৰা পৰীক্ষাত বহিব লগা ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাৰ আগদিনা এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব লগা বিষয়টো উদ্ধৰ্তম কৰ্তৃপক্ষক পৰ্যালোচনা কৰিবলৈ স্থানীয় দল-সংগঠনে আহ্বান জনায়।

No comments