Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বৰছলাত কংগ্ৰেছ প্ৰাৰ্থী আৰ পি শৰ্মাক উষ্ম আদৰনি; তিনি সহশ্ৰাধিক সমৰ্থকক লৈ আৰ পি শৰ্মাৰ শক্তি প্ৰদৰ্শন

  গণবাৰ্তা বিশেষ,ঢেকীয়াজুলি:৮মাৰ্চঃ  ৭২নং বৰছলা বিধান সভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী আৰ পি শৰ্মাক আজি দলীয় কৰ্মকৰ্তা সকলে উষ্ম আদৰনি জনায়৷আজি...

 


গণবাৰ্তা বিশেষ,ঢেকীয়াজুলি:৮মাৰ্চঃ ৭২নং বৰছলা বিধান সভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী আৰ পি শৰ্মাক আজি দলীয় কৰ্মকৰ্তা সকলে উষ্ম আদৰনি জনায়৷আজি দিনৰ ১২বজাত আৰ পি শৰ্মাক ওৰাংৰ পৰা বিশাল বাইক ৰেলী কৰি কংগ্ৰেছ কৰ্মী সকলে আদৰি আনে সমষ্টিলৈ৷বৰছলাত সমষ্টিত ভৰি দিয়ে বহু বল্কি প্ৰাক্তন সাংসদ তথা বৰছলাৰ কংগ্ৰেছ প্ৰাৰ্থী আৰ পি শৰ্মাই এইবাৰ উচুপি উঠিল ৷তেওঁৰ ৰাজনীতি গুৰু বাজপেয়ী ,তৰুণ গগৈৰ সোঁৱৰি সাংবাদিকৰ সন্মূখত উচুপি উঠিল আৰ পি শৰ্মা৷সততে বাতৰি শিৰোনাম দখল কৰি  অহা আৰ পি শৰ্মাই ক’লে তেওঁ প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ আদৰ্শ লৈ তেওঁ বিজেপি দলত আহিছিল৷ইয়াৰ পিছত তৰুণ গগৈয়ে তেওঁক কংগ্ৰেছলৈ আনিছিল৷তৰুণ গগৈ তেওঁৰ গুৰু আছিল ৷সেয়ে টিকট লাভ কৰাৰ পিছত বৰছলা সমষ্টিত ভৰি দি দুই নেতাক সুৱৰি  উচুপি উঠিল আৰ পি শৰ্মা৷উল্লেখ্য যে আজি বৰছলা সমষ্টিৰ বিজেপি প্ৰাৰ্থী আৰ পি শৰ্মা সমষ্টিটোত উপস্থিত হোৱাত কংগ্ৰেছৰ দলীয় সমৰ্থক সকলে উষ্ম আদৰনী জনায়৷বিশাল বাইক ৰেলীৰে আৰ পি শৰ্মাক সমষ্টিতো আদৰি আনে কংগ্ৰেছ কৰ্মী সকলে৷ইপিনে কংগ্ৰেছ প্ৰাৰ্থী আৰ পি শৰ্মাই আত্মবিশ্বাসী হৈ কলে বৃহৎ ব্যৱধানৰ ভোটত তেওঁ বৰছলাৰ পৰা জয়ী হব৷বৰছলাত তেওঁৰ একালৰ সতীৰ্থ  গনেশ লিম্বু প্ৰতিদ্বন্দ্বী হব ৷ আনহাতে মন্ত্ৰী হিমন্তক তীব্ৰ কটাক্ষ কৰি আৰ পিয়ে কলে-২১ত বিজেপি অসমৰ পৰা উৎখাত হব আৰু কংগ্ৰেছৰ চৰকাৰ হব৷কংগ্ৰেছৰ চৰকাৰ হ’লে হিমন্তই পুনৰ কংগ্ৰেছলৈ আহিব৷কিন্তু কংগ্ৰেছে তেওঁক পৰিস্কাৰ কৰিহে কংগ্ৰেছত আনিব বুলি কটাক্ষ কৰে৷প্ৰায় তিনি সমশ্ৰাধিক সমৰ্থকৰে বাইক ৰেলী কৰি আৰ পি শৰ্মাই চমক দিলে বৰছলাত৷ 

No comments