Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

নিৰ্বাচন আচৰণ বিধিঃ তেজপুৰ-ডিলাইত পাঁচ লক্নষাধিক নগদ ধন জব্দ

ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৩ মাৰ্চ ঃ আগন্তুক নিৰ্বাচন শান্তিপূৰ্ণ আৰু মুক্ত প্ৰক্ৰিয়াৰে নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে শোণিতপুৰ জিলা তথা আৰক্ষী প...


ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৩ মাৰ্চ ঃ আগন্তুক নিৰ্বাচন শান্তিপূৰ্ণ আৰু মুক্ত প্ৰক্ৰিয়াৰে নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে শোণিতপুৰ জিলা তথা আৰক্ষী প্ৰশাসনে হাতত লোৱা ব্যাপক প্ৰচেষ্টাৰ অংশ হিচাপে আজি প্ৰশান্ত ৰংপিৰ নেতৃত্বত থকা ষ্টেটিক ছাৰ্ভেইলেন্স টীমে কলিয়াভোমোৰা দলঙৰ সমীপত এখন বাহনৰ পৰা মুঠ ২,৫৫,০০০ টকা নগদ ধন জব্দ কৰে। গাড়ীচালকজনে উক্ত ধন তেজপুৰৰ এক বাহন বিক্ৰেতা প্ৰতিষ্ঠানৰ পৰা বাহন ক্ৰয়ৰ বাবে অনা বুলি দাবী কৰে যদিও তেনে কোনো তথ্য সম্বলিত নথি-পত্ৰ দেখাব নোৱাৰাৰ বাবে ধনখিনি জিলা উপায়ুক্তৰ নিৰ্দেশমৰ্মে গণনা সম্পূৰ্ণ কৰি তেজপুৰ কোষাগাৰলৈ প্ৰেৰণ কৰা হয়। 

ইতিমধ্যে ধনৰাশিৰ গৰাকীক প্ৰয়োজনীয় নথি যোগান ধৰিবলৈ নিৰ্দেশ দিয়া হৈছে । ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে, নিৰ্বাচনৰ সময়ত পঞ্চাশ হাজাৰ বা তাতকৈ অধিক টকা অথবা দহ হাজাৰৰ অধিক মূল্যৰ উপহাৰ বহন কৰাৰ সময়ত তথ্যভিত্তিক নথি লগত ৰখাটো বাঞ্ছনীয় । তদুপৰি শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিগন্ত বৈশ্য, অতিৰিক্ত উপায়ুক্ত সঞ্জীৱ দলৈ আৰু কোষাগাৰ বিষয়া তৰুণ শইকীয়াক লৈ নিৰ্বাচনৰ সময়ত জিলাখনত এনে জব্দকৃত নগদ ধন বা সামগ্ৰী মুকলি কৰি দিয়াৰ বাবে এখন সমিতি গঠন কৰা হৈছে। সমিতিখনে প্ৰত্যেকটো এনে অভিযোগ পৰীক্ষা কৰি নিৰ্বাচনৰ লগত জড়িত নথকা তথ্যভিত্তিক প্ৰমাণ সাপেক্ষে জব্দ কৰা সামগ্ৰীসমূহ মুকলি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব।

No comments