Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

লাহোৱালৰ ৰহমৰীয়াত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লিখন বৰুৱাৰ পদযাত্ৰাৰে নিৰ্বাচনী প্ৰচাৰ

  তপন কুমাৰ শইকীয়া, ডিব্ৰুগড়, ২৩ মাৰ্চঃ প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ১১৭ নং লাহোৱাল বিধান সভাৰ সমষ্টিত প্ৰতিটো দলৰ ন...

 


তপন কুমাৰ শইকীয়া, ডিব্ৰুগড়, ২৩ মাৰ্চঃ প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ১১৭ নং লাহোৱাল বিধান সভাৰ সমষ্টিত প্ৰতিটো দলৰ নিৰ্বাচনী প্ৰচাৰ আকৰ্ষণীয় হৈ পৰিছে। লাহোৱালত অসম জাতীয় পৰিষদ দলৰ প্ৰাৰ্থী লিখন বৰুৱাই সমৰ্থকসহ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। আজি অজাপ’ৰ প্ৰাৰ্থী গৰাকীৰ ৰহমৰীয়াৰ নিজ বাসগৃহৰ পৰা দলীয় সমৰ্থকসহ ৰহমৰীয়া মৌজাৰ চামনী গাঁও, গোৱাল চুক, বৰতী চুক, চাপৰী গাঁও, নিজ ৰহমৰীয়া, গেনী চুক, হাঁহৰীয়াল, বগৰীতলীয়া হৈ ধুপাবৰ মাইজানলৈকে এক দীঘলীয়া পদযাত্ৰা কৰি নিৰ্বাচনী প্ৰচাৰ চলাই। মাজে মাজে প্ৰচাৰ পথ সভা অনুষ্ঠিত কৰি দলটোৱে প্ৰচাৰ কাৰ্য তীব্ৰতৰ কৰি তুলিছে। পদযাত্ৰা কৰি ১১৭ নং লাহোৱাল বিধান সভা সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লিখন বৰুৱাই কয় যে “সমস্যাৰে জৰ্জড়িত পাঁচ-ছয় দশক ধৰি ৰহমৰীয়াবাসী ৰাইজে গঢ়াখহনীয়া কৱলত আছে৷ বিজেপি চৰকাৰে কেৱল মাত্ৰ উন্নয়নৰ শ্ল’গান দি ভুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে৷ জাতিৰ উৰ্দ্ধত কেতিয়া ৰাজনীতি নহয়৷ ৰাষ্ট্ৰীয়তাবাদী ৰাজনৈতিক দল বিলাকে দিয়া প্ৰতিশ্ৰুতি এতিয়া অসাৰ প্ৰতিপন্ন হৈছে৷ লগতে কয় যে লাহোৱাল সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিনোদ হাজৰিকাই 'কা’ আন্দোলনৰ সময়ত লাহোৱাল সমষ্টিৰ ৰাইজৰ ওপৰত যি অপবাদ জাপি থৈছে, দুষ্কৃতিকাৰী সজালে সেয়া ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সংবাদ মাধ্যমত ৰহমৰীয়াবাসী ৰাইজৰ যি বদনাম ৰচিলে সেয়া লাহোৱাল সমষ্টি তথা ৰহমৰীয়াবাসী ৰাইজে আজিও পাহৰা নাই বুলি মন্তব্য কৰে৷ তেনে এগৰাকী প্ৰাৰ্থীৰ সপক্ষে ৰহমৰীয়াবাসী ৰাইজে ভোটদান কৰাৰ প্ৰয়োজন অনুভৱেই কৰা নাই৷ এইবাৰ নিৰ্বাচনত জাতীয়তাবাদৰ সপক্ষে ভোটদান কৰিবলৈ লাহোৱাল সমষ্টিৰ ভোটাৰ ৰাইজক আহ্বান জনাই অজাপ’ৰ প্ৰাৰ্থী লিখন বৰুৱাই৷ নিৰ্বাচনী প্ৰচাৰৰ এই পদযাত্ৰা কাৰ্যসূচীত ৰহমৰীয়াৰ সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰে৷

No comments