Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

হটাপাৰাত বিপিএফ কৰ্মীৰ সৈতে আব্দুৰ ৰহিম আহমেদৰ মত-বিনিময়

গণবাৰ্তা, হটাপাৰা,২৩ মাৰ্চ : সমাগত বিধান সভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচন আগন্তুক ৬ এপ্ৰিলত অনুষ্ঠিত হ'ব তাক লৈ মহাজোঁট কি মিত্ৰজো...


গণবাৰ্তা, হটাপাৰা,২৩ মাৰ্চ
: সমাগত বিধান সভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচন আগন্তুক ৬ এপ্ৰিলত অনুষ্ঠিত হ'ব তাক লৈ মহাজোঁট কি মিত্ৰজোঁট সকলো ৰাজনৈতিক দলেই যেন ইখনৰ পিছত সিখন নিৰ্বাচন সভাত অংশ লৈ ভোটাৰ ৰাইজক মুহিত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।ঠিক তেনেদৰে হাউলীৰ সমীপৰ বাকসাৰ হটাপাৰাস্থিত বিপিএফৰ মথনগুৰি ব্লক কাৰ্যালয়ত সোমবাৰে দিনৰ প্ৰায় ১১ বজাত বৰপেটা বিধান সভা সমষ্টিৰ অধীনস্থ বিটিচিৰ ৪টাকৈ ভিচিডিচিৰ বিপিএফৰ কৰ্মীৰ সৈতে এক নিৰ্বাচনী সভা অনুষ্ঠিত হয়।উক্ত সভাত ৪৩ নং বৰপেটা বিধান সভা সমষ্টিৰ মহাজোঁট বন্ধনৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী আব্দুৰ ৰহিম আহমেদে উপস্থিত থাকি বিপিএফ দলৰ নেতা কৰ্মী সকলৰ লগত মত বিনিময় কৰি সমাগত নিৰ্বাচনত হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলৰ সৈতে আমাৰ মহাজোঁট দলৰ লগত আছে গতিকে মোক এইবাৰ বিপিএফ দলৰ কৰ্মীৰ লগতে ভোটাৰ ৰাইজে বিপুলভাৱে ভোট দি বৃহৎ ভোটৰ ব্যৱধানত জয়ী কৰাব বুলি আশা প্ৰকাশ কৰে লগতে দিছপুৰৰ মচনদ দখল কৰি বৰপেটা সমষ্টিবাসী ৰাইজৰ অধিক উন্নয়ন কৰাৰ সুযোগ প্ৰদান কৰাৰো আহবান জনায়। উক্ত নিৰ্বাচনী সভাত মথনগুৰি ব্লক বিপিএফৰ সভাপতি খনিন্দ্র ব্ৰহ্ম(গবলা) শালবাৰী পৰিষদীয় সমষ্টিৰ এম চি এল এ জয় মুছাহাৰী, বিপিএফ ৰ কেন্দ্ৰীয় নেত্ৰী বেগম আখতাৰা আহমেদকে আদি কৰি দল টোৰ বহু কেইজন নেতা কৰ্মী উপস্থিত থাকি সমাগত নিৰ্বাচনৰ ৰণ কৌশল আদিৰ সম্পৰ্কে মন্তব্য আগবঢ়ােৱা পৰিলক্ষিত হয় |

No comments