Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

খাৰুপেটীয়াৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দূৰ্ঘটনা; মহিলা সহ প্ৰায় ৩০ জনৰো অধিক যাত্ৰী গুৰুতৰ ভাৱে আহত

গণ বাৰ্তা, নেপালী বজাৰ , ২৩ মাৰ্চ: দৰঙৰ খাৰুপেটীয়াৰ নিকটৱৰ্তী ধুলা আৰক্ষী থানাৰ অন্তৰ্গত ফকিৰপাৰা চকত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱা এক ...


গণ বাৰ্তা, নেপালী বজাৰ , ২৩ মাৰ্চ: দৰঙৰ খাৰুপেটীয়াৰ নিকটৱৰ্তী ধুলা আৰক্ষী থানাৰ অন্তৰ্গত ফকিৰপাৰা চকত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱা এক ভয়ানক পথ দূৰ্ঘটনা সংঘটিত হয় । তেজপুৰৰ পৰা গুৱাহাটীমুখী As01 FC 9817 নাম্বাৰৰ ট্ৰেভেলাৰ আৰু মঙলদৈৰ পৰা খাৰুপেটীয়া অভিমুখী As01 GC 7875 নাম্বাৰৰ ডি আই গাড়ীৰ মূখামূখী সংঘৰ্ষ হয় । ফলত ট্ৰেভেৰ গাড়ী খনত থকা প্ৰায় ৩০ জনৰো অধিক যাত্ৰী আহত হয় । নজমুল হক আৰু আকিবুৰ ৰহমান নামৰ যাত্ৰী দুজনৰ ঘৰ দৰঙৰ কলাই গাওঁ সমষ্টিৰ জাবৰিকুচীত , মণ্টু বৰ্মণ নামৰ এজন যাত্ৰীৰ ঘৰ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলীত , ছাহেদ আলী নামৰ এজন যাত্ৰীৰ ঘৰ দলগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত ২ নং কছাৰীভেটি টুপ গাৱৰ বুলি জানিব পৰা গৈছে যদিও বাকী সকলৰ পৰিচয় জানিব পৰা হোৱা নাই । উল্লেখযোগ্য যে ট্ৰেভেলাৰ গাড়ী খনত থকা আহত যাত্ৰীয়ে জানিবলৈ দিয়া মতে তেজপূৰৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা ট্ৰেভেলাৰ গাড়ী খন খাৰুপেটীয়া পৰ্যন্ত হেন্ডিমেনে চলাই । খাৰুপেটীয়াত আহি হেন্ডিমেনৰ পৰিৱৰ্তে ড্ৰাইভাৰে গাড়ীত বহিয়ে তীব্ৰ বেগেৰে চলাই যোৱা সময়ত ফকিৰপাৰা চকত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বিপৰীত দিশৰ পৰা আহি থকা ডি আই গাড়ী খনৰ লগত মূখামুখী সংঘৰ্ষ হয় । আহত যাত্ৰী সকলক ১০৮ মৃত্যুঞ্জয় এম্বুলেন্স আৰু অট গাড়ীৰে স্থানীয় ৰাইজৰ সহযোগত ততাতিয়াকৈ মংগলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । ঘটনাৰ খবৰ পাই লগে লগে ধূলা আৰক্ষী থানাৰ দল এটা ঘটনাস্থলিত উপস্থিত হৈ আহত যাত্ৰী সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে গাড়ী দুখন থানালৈ লৈ যায় । উল্লেখ্য যে এজনৰ অৱস্থা সংকট জনক । এই ঘটনাই তীব্ৰ চান্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত । 

No comments