গণবাৰ্তা,ছিপাঝাৰ,৫ ফেব্ৰুৱাৰী : আসন্ন বিধানসভা নিৰ্বাচনত মিত্ৰতা সূত্ৰে ৬৬ নং ছিপাঝাৰ বিধান সভা সমষ্টিত এইবাৰ বিজেপিয়ে আসনখন অগপক এৰি দিয...
গণবাৰ্তা,ছিপাঝাৰ,৫ ফেব্ৰুৱাৰী: আসন্ন বিধানসভা নিৰ্বাচনত মিত্ৰতা সূত্ৰে ৬৬ নং ছিপাঝাৰ বিধান সভা সমষ্টিত এইবাৰ বিজেপিয়ে আসনখন অগপক এৰি দিয়াটো প্ৰায় খাটাং হৈ পৰাৰ পিছত সমষ্টিটোৰ বিজেপিৰ নেতা- কৰ্মী সকলৰ মাজত হাহাকাৰ লাগি পৰিছে। ছিপাঝাৰত সাংগঠনিক ভাবে শক্তিশালী বিজেপিয়ে এইবাৰো আসনখনত দলীয় প্ৰাৰ্থিত্ব লাভ কৰাটো সকলোৱে আশা কৰিছিল। কিন্তু নেতৃত্বই ছিপাঝাৰৰ দলীয় নেতা- কৰ্মী সকলৰ তেনে আশাত চেঁচাপানী পেলাবলৈ বিচৰাত সমষ্টিটোৰ ছিপাঝাৰ আৰু পাথৰিঘাট মণ্ডলৰ নেতা- কৰ্মী সকল মুকলি ভাবে ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে ।যাৰ বাবে দলীয় সমষ্টিটোৰ নেতা কৰ্মী সকলে ছিপাঝাৰত বিজেপি দলৰ প্ৰাৰ্থিত্বৰ দাবীত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী গ্ৰহন কৰিছে। শুক্ৰবাৰে ছিপাঝাৰৰ বিজেপি কাৰ্যালয়ৰ সন্মুখত প্ৰায় পাঁচ শতাধিক দলীয় নেতা-কৰ্মী সমবেত হৈ ' বিজেপি জিন্দাবাদ', 'সৰ্বানন্দ সোণোৱাল জিন্দাবাদ,' ' 'দিলীপ শইকীয়া জিন্দাবাদ,' বিনন্দ 'কুমাৰ শইকীয়া জিন্দাবাদ,' 'নৰেন্দ্ৰ মোদী জিন্দাবাদ,' ' ছিপাঝাৰ বিজেপিক লাগিবই ' ইত্যাদি প্ৰতিবাদী ধৰ্ণা দি ছিপাঝাৰৰ আকাশ বতাহ কঁপাই তোলে।
No comments