Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বিধায়ক আমিনুল ইছলাম, মন্ত্ৰী কেশৱ মহন্তসহ ছয়জনৰ মনোনয়ন পত্ৰ দাখিল

  ষ্টাফ ৰিপ'ৰ্টাৰ, নগাঁও, ৮ মাৰ্চ : প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি নগাঁও জিলাৰ ৬ গৰাকী প্ৰাৰ্থীয়ে ৰিটাৰ্নিং বিষয়াৰ ওচৰত মনোনয়ন পত্...

 


ষ্টাফ ৰিপ'ৰ্টাৰ, নগাঁও, ৮ মাৰ্চ: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি নগাঁও জিলাৰ ৬ গৰাকী প্ৰাৰ্থীয়ে ৰিটাৰ্নিং বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিল কৰা সকল হ'ল- ৮৯ নং কলিয়াবৰ বিধান সভা সমষ্টিৰ বাবে বিজেপি নেতৃত্বাধীন  মিত্ৰজোঁটৰ হৈ অগপৰ কেশৱ মহন্ত, ৮৩ নং ধিং বিধানসভা সমষ্টিৰ বাবে কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ আমিনুল ইছলাম, আৰ চি পি আইৰ ইনামুল হুদা, অসম জন মৰ্চাৰ ছাইফুল ইছলাম চৌধুৰী আৰু ৮৪ নং বটদ্ৰবা বিধানসভা সমষ্টিৰ বাবে ৰাষ্ট্ৰীয় উলেমা কাউন্সিলৰ মুছলেহা বেগম। আজি কলিয়াবৰ বিধান সভা সমষ্টিৰ বাবে মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে অগপৰ বৰ্তমানৰ বিধায়ক তথা জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই অগপৰ কলিয়াবৰ জিলা সমিতি কাৰ্যালয়ৰ সমীপৰ পৰা কেইবা সহস্ৰাধিক দলীয় কৰ্মী, সমৰ্থকৰ বিপুল উৎসাহ উদ্দীপনাৰ মাজত  দুপৰীয়া কলিয়াবৰ ৰিটাৰ্নিং বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে। পদব্ৰজে ৰিটাৰ্নিং বিষয়াৰ কাৰ্যালয়লৈ অহাৰ পথত প্ৰাৰ্থী মহন্তই নামঘৰ, মন্দিৰত সেৱা জনাই ৰাইজৰ আৰ্শীবাদ বিচাৰে। মনোনয়ন পত্ৰ দাখিল কৰি কেশৱ মহন্তই সংবাদ মাধ্যমৰ আগত কয়- মই চতুৰ্থ বাৰৰ বাবে কলিয়াবৰ বিধান সভা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিবৰ বাবে মনোনয়ন দাখিল কৰিছো। ৰাইজৰ মোৰ প্ৰতি থকা আস্থা আৰু বিশ্বাস দেখি মই অভিভূত হৈ পৰিছো। কলিয়াবৰত মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হোৱাটো এশ শতাংশ নিশ্চিত। বিগত সময়খিনিত মই কলিয়াবৰ বিধান সভা সমষ্টিত উন্নয়নৰ বাবে সম্বৱপৰ সকলো কাম কৰিছো। যোৱা ৫টা বছৰত বিৰামহীনভাৱে মই কলিয়াবৰ সমষ্টিৰ সামগ্ৰীক উন্নয়নৰ বাবে কাম কৰি আহিছো। অসমৰ ১২৬ টা সমষ্টিৰ ভিতৰত জাকত- জিলিকা সমষ্টি হিচাপে গঢ়ি তুলিবলৈ প্ৰয়াস কৰিছো। তেওঁ লগতে কয়- এইবাৰ কলিয়াবৰ সমষ্টিত আমাক কোনেও প্ৰত্যাহ্বান জনাব নোৱাৰে। এইবাৰ মহাজোঁটে কলিয়াবৰত প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে। নৱগঠিত আঞ্চলিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে কলিয়াবৰত কোনো প্ৰভাৱ নেপেলায়। মনোনয়ন পত্ৰ দাখিলৰ সময়ত কেশৱ মহন্তক সংগ দিয়া ৰাজ্য সভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কয়-এইবাৰ মিত্ৰজোঁটৰ চৰকাৰ পুনৰ গঠন হ'ব। কলিয়াবৰত মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্তৰ জয় নিশ্চিত। ইপিনে, নগাঁও জিলাৰ প্ৰথম পৰ্যায়ত হ'বলগীয়া নিৰ্বাচনৰ বাবে ৮৩ নং ধিং সমষ্টিত আজি মহাজোঁটৰ প্ৰাৰ্থী হিচাপে এ আই ইউ ডি এফৰ বৰ্তমানৰ বিধায়ক আমিনুল ইছলামে ৰিটাৰ্নিং বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিল কৰি সংবাদ মাধ্যমৰ আগত আমিনুল ইছলামে কয়- প্ৰথম পৰ্যায়ত হ'বলগীয়া ৪৭ টা সমষ্টিৰ ভিতৰত মই মহাজোটৰ তথা এ আই ইউ ডি এফৰ প্ৰথম গৰাকী প্ৰাৰ্থী হিচাপে আজি মনোনয়ন পত্ৰ দাখিল কৰিছো। মহাজোঁটত সংঘাত চলি থকা সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত আমিনুল ইছলামে কয়- এই সংঘাত শীঘ্ৰে নিৰাময় হ'ব। কেইটামান সমষ্টিত  কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত বন্ধুত্বমূলক প্ৰতিদ্বন্দিতা দুয়োটা দলৰ মাজত আলোচনা মৰ্মে হৈছে। ই মহাজোঁটক কোনো ক্ষতি নকৰে। এনেকুৱা সমষ্টি বাচনি কৰা হৈছে যে-যি সমষ্টিত বিজেপি জয়ী হোৱাৰ কোনো সম্ভৱনা নাই। এইবোৰ সমষ্টিত বিজেপিৰ কোনো সাংগঠনিক ভিত্তি নাই। অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ সন্দৰ্ভত ইছলামে কয়-এই দুয়োটা দলৰ অসমত চৰকাৰ গঠন কৰিব পৰা ক্ষমতা নাই। সেয়ে ভোটাৰ ৰাইজে তেওঁলোকক প্ৰত্যাখান কৰিব। প্ৰকৃততে যদি তেওঁলোক "কা" বিৰোধী, তেন্তে তেওঁলোক মহাজোঁটত চামিল হ'ব লাগিছিল। তেওঁলোকক বহুবাৰ আমন্ত্ৰণ জনোৱা হৈছিল যদিও তেওঁলোক চামিল নহ'ল। আওপকীয়াকৈ "কা" বিৰোধী ভোটৰ বিভাজন কৰি বিজেপি মিত্ৰজোঁটক লাভান্বিত কৰিব। অসমৰ ৰাইজে এইবোৰ কথা বুজি পাইছে। গতিকে এই দুয়োটা দলে অসমৰ কোনো সমষ্টিতে প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে। ৰাইজে গম পাই গ'ল যে- এই দুয়োটা দলে 'কা' বিৰোধী ভোটৰ বিভাজনৰ কাৰণে পথাৰত নামিছে। তেতিয়াৰ পৰাই ৰাইজ তেওঁলোকৰ পৰা আঁতৰি আহিল। তেওঁ লগতে কয়- স্বাধীনতাৰ পিছৰে পৰা পিছ পৰি থকা ধিং সমষ্টিত মহাজোঁটৰ চৰকাৰ হ'লে উন্নয়নত সৰ্বাধিক গুৰুত্ব দিয়া হ'ব। ধিং সমষ্টিত মহাজোঁটৰ প্ৰাৰ্থী হিচাপে আমাৰ বিজয় এশ শতাংশ নিশ্চিত। কাৰণ বিগত ১০ বছৰত বিৰোধী দলত থকাৰ পিছতো সমষ্টিৰ বহু উন্নয়ন হৈছে। নিৰ্বাচনী যুজত তেওঁৰ প্ৰত্যাহ্বান কোন হ'ব বুলি কৰা এক প্ৰশ্নৰ উত্তৰত ইছলামে কয়, তেওঁৰ প্ৰত্যাহ্বান তেওঁ নিজেই। আনহাতে, জিলাখনৰ প্ৰথম পৰ্যায়ত হ'বলগীয়া কলিয়াবৰ, ধিং, চামগুৰি, বটদ্ৰবা, ৰূপহীহাট সমষ্টিৰ বাবে কাইলৈ বহু কেইজনে মনোনয়ন পত্ৰ দাখিল কৰিব বুলি জানিব পৰা গৈছে।

No comments