বঙাইগাঁও, ৩০ মাৰ্চঃ ৩২ নং বঙাইগাঁও বিধান সভা সমষ্টিত আজি ( মঙলবাৰে) নিৰ্বাচনী কাৰ্যত নিয়োজিত বিষয়া -কৰ্মচাৰী সকলক তথা অত্যাৱশ্যকীয় সেৱাৰ লগ...
বঙাইগাঁও, ৩০ মাৰ্চঃ ৩২ নং বঙাইগাঁও বিধান সভা সমষ্টিত আজি ( মঙলবাৰে) নিৰ্বাচনী কাৰ্যত নিয়োজিত বিষয়া -কৰ্মচাৰী সকলক তথা অত্যাৱশ্যকীয় সেৱাৰ লগত জড়িত কৰ্মীসকলক পোষ্টেল বেলটৰ যোগেদি ভোটদানৰ বাবে স্থানীয় বীৰঝৰা কন্যা মহাবিদ্যালয়ত পোষ্টেল বেলট সুবিধা কেন্দ্ৰ এটা মুকলি কৰা হয় । এই কেন্দ্ৰটো অহা ১ এপ্ৰিললৈ বাহাল থাকিব । এই কেন্দ্ৰটোত পোষ্টেল বেলটেৰে ভোটদানৰ বাবে অনুমোদিত ৫৩৭ গৰাকী নিৰ্বাচন কাৰ্যত জড়িত ভোটাৰ আৰু ১৫ গৰাকী অত্যাৱশ্যকীয় সেৱাৰ লগত জড়িত ভোটাৰে পুৱা ৯ বজাৰ পৰা বিয়লি ৫ বজালৈ পোষ্টেল বেলটযোগে নিজৰ ভোট সাব্যস্ত কৰিব পাৰিব । ইয়াৰোপৰি ৩২ নং বঙাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাজ্যৰ আন আন বিধানসভা সমষ্টিত নিৰ্বাচন কাৰ্যত জড়িত ১৭৫ গৰাকী ভোটাৰ যিসকলৰ ১২ নং ফৰ্ম অনুমোদিত হৈছে তেওঁলোকক ডাকঘৰৰ যোগেদি নিজৰ বৰ্তমানৰ ঠিকনাত পোষ্টেল বেলট পঠিওৱা হৈ আছে।
No comments