Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বাক্সাৰ শালবাৰীত নিশা ভয়ংকৰ অগ্নিকাণ্ড; শালবাৰী বজাৰৰ ১২ খনকৈ দোকান ভস্মীভূত

গণ বাৰ্তা, শালবাৰী, ২০ মাৰ্চঃ বাগ্‌সাৰ শালবাৰী বজাৰত কালি নিশা সংঘটিত হোৱা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাত ১২ খনকৈ দোকান সম্পূৰ্ণভাবে ভস্মীভূত হ...


গণ বাৰ্তা, শালবাৰী, ২০ মাৰ্চঃ
বাগ্‌সাৰ শালবাৰী বজাৰত কালি নিশা সংঘটিত হোৱা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাত ১২ খনকৈ দোকান সম্পূৰ্ণভাবে ভস্মীভূত হোৱাৰ লগতে আন চাৰিখন দোকানৰ আংশিক ক্ষতি হয়৷ কালি নিশা প্ৰায় এঘাৰ বজাত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত শালবাৰীৰ বজাৰৰ দিলীপ চক্ৰৱৰ্তীৰ পান দোকান,মনোৰঞ্জন শীলৰ পান দোকান,বিকাশ সৰকাৰৰ মিঠাইৰ দোকান,বাপন মদকৰ মিঠাইৰ দোকান,নবীন মজুমদাৰৰ পান দোকান, সৌৰভ মজুমদাৰৰ কাপোৰৰ দোকান,সুকুমাৰ শীলৰ ক্ষুদ্ৰ দোকান,গৌৰ মণ্ডলৰ কম্পিউটাৰ দোকান,মেল্লা বড়োৰ পান দোকান,ধনঞ্জয় বড়োৰ চেলুন,জ্যোতিপ্ৰসাদ তালুকদাৰৰ কম্পিউটাৰ দোকান,গোপাল বিশ্বাসৰ চেলুন আৰু ছাদেক আলীৰ কাপোৰ চিলোৱা দোকান সম্পূৰ্ণভাবে ভস্মীভূত হয়৷ একেদৰে অগ্নিকাণ্ডৰ ফলত বিমল বসুমতাৰীৰ কিতাপৰ দোকান,নিলতল স্বৰ্গীয়াৰীৰ কিতাপৰ দোকান,শিৱাজ ঘোষৰ মিঠাইৰ দোকান আৰু সুকুমাৰ চাহুৰ ষ্টেচনাৰী দোকানকেইখনৰ আংশিক ক্ষতি হয়৷ উল্লেখ্য যে বৰপেটা,পাঠশালা আৰু বাঘমাৰাৰ পৰা অহা তিনিখনকৈ অগ্নিনিৰ্বাপক বাহনৰ লগতে শালবাৰী থানাৰ আৰক্ষী আৰু স্থানীয় ৰাইজৰ সহযোগত মাজনিশা অগ্নিনিৰ্বাপন কৰা হয়৷ বাতৰি যুগুতোৱা পৰ্যন্ত অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলতেই ভয়াবহ অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱা বুলি স্থানীয় লোকে জানিবলৈ দিয়ে৷ উল্লেখযোগ্য যে, শালবাৰী মহকুমাৰ মহকুমাধিপতি নিত্য বিনোদ ওৱাৰীৰ বিশেষ তৎপৰতাৰ বাবে বৃহৎ ক্ষয়ক্ষতিৰ পৰা ৰক্ষা পৰে শালবাৰী বজাৰখন৷

No comments