Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটত ৰহস্যজনক অৱস্থাত ছাত্ৰৰ মৃতদেহ উদ্ধাৰ : হত্যাৰ সন্দেহ পৰিয়ালৰ, থানাত এজাহাৰ

ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট ,৩০ মাৰ্চ -- ৰঙৰ উৎসৱ ফাকুৱাৰ  আনন্দ উল্লাহৰ মাজতে যোৰহাটৰ শংকৰপুৰ অঞ্চলৰ এজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই যোৰহাটৰ...


ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট ,৩০ মাৰ্চ -- ৰঙৰ উৎসৱ ফাকুৱাৰ  আনন্দ উল্লাহৰ মাজতে যোৰহাটৰ শংকৰপুৰ অঞ্চলৰ এজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই যোৰহাটৰ গড়মূৰ অঞ্চলত বৰ্তমানেও  চাঞ্চল্য অব্যাহত আছে । জানিব পৰা মতে  সোমবাৰে ফাকুৱাৰ আনন্দ উল্লাহৰ মাজতে দিনৰ প্ৰায় ১:৩০ মান বজাত ৰজাবাৰীৰ টোকোলাই পানী টেংকীৰ সমীপৰ ফিচাৰী সদৃশ এটা পুখুৰীৰ পাৰত দিনৰ প্ৰায় ১:৩০ মান বজাত  এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাত গড়মূৰ ৰজাবাৰী অঞ্চলত চাঞ্চল্য সৃষ্টি হৈছে । যুৱক জন শংকৰপুৰ অঞ্চলৰ শান্তিপুৰ বাইলেণ্ডৰ নিৰ্বাসী নাৰায়ণ পালৰ একমাত্ৰ পুত্ৰ প্ৰীতম পাল (১৮)। উল্লেখ্য যে পৰিয়ালৰ লোকে জনোৱা মতে সোমবাৰে দিনৰ ১১ মান বজাত  ওচৰৰে যুৱক জনৰ বন্ধু গৌৰৱ দাস নামৰ এজন যুৱকে খেলিবলৈ বুলি ঘৰৰ পৰা মাতি লৈ গৈছিল । দুপৰীয়া ভাত খাবলৈ বিচাৰি যুৱক জনলৈ বাৰে পতি ফোন কৰি ফোনৰ চুইচ বন্ধ পোৱাত বিচাৰ - খোচাৰ কৰি ৰজাবাৰী টোকোলাই পানী টেংকীৰ সমীপৰ ফিচাৰী সদৃশ এটা পুখুৰীৰ পাৰত পৰি থকাৰ অৱস্থাত মৃতদেহ উদ্ধাৰ হয় । এই সন্দৰ্ভত পৰিয়ালৰ লোকে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ।  মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পাছত মৃতদেহ পৰিয়ালৰলোকক চমজাই দিয়াত আজি  মৃতদেহ সৎকাৰ  কৰা হয় । উল্লেখ্য যে যুৱক জন লুইত ভেলী একাডেমীৰ উচ্চতৰ মাধ্যমিকৰ ২য় বৰ্ষৰ ছাত্ৰ আছিল ।  ছাত্ৰ জনৰ পিতৃ নাৰায়ণ পালে  এই ঘটনাটো হত্যাকাণ্ড বুলি সন্দেহ  কৰি যোৰহাট সদৰ থানাত এজাহাৰ দাখিল কৰিছে । একমাত্ৰ সন্তানটোৰ এনে অকাল মৃত্যু হোৱাত  পৰিয়ালটো শোকত ভাগি পৰিছে আৰু শংকৰপুৰ অঞ্চলত শোকৰ ছাঁ পৰিছে ।

No comments