Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

গোসাঁইগাঁৱত শিক্ষিত নিবনুৱাৰ যুৱকৰ নিদৰ্শন, কাঠফুলা উৎপাদন কৰি স্বাৱলম্বীতা অৰ্জন

  গণ বাৰ্তা, গোসাঁইগাঁও, ২৭ মাৰ্চঃ কৰ্মসংস্থাপনৰ তেনে কোনো সুযোগ নথকা ৰাজ্যত চাকৰিৰ পিছে পিছে দৌৰি সময় অপচয় নকৰাকৈ এদল উদ্যমী যুৱকে কাঠফুলা...

 


গণ বাৰ্তা, গোসাঁইগাঁও, ২৭ মাৰ্চঃ কৰ্মসংস্থাপনৰ তেনে কোনো সুযোগ নথকা ৰাজ্যত চাকৰিৰ পিছে পিছে দৌৰি সময় অপচয় নকৰাকৈ এদল উদ্যমী যুৱকে কাঠফুলা উৎপাদন কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে গোসাঁইগাঁৱত৷ গোসাঁইগাঁও মহকুমা সদৰ চহৰৰ পাৰিজাত অৰ্গেনিক অয়েষ্টাৰ মাচ্‌ৰুম গোটে এই ব্যৱসায়ত অভূতপূৰ্ব সফলতা অৰ্জন কৰি মহকুমাবাসীলৈ কঢ়িয়াই আনিছে অনন্য নিদৰ্শন৷একেদৰে কাঠফুলাৰ খেতি কৰি প্ৰচুৰ অৰ্থ উপাৰ্জনৰে কৰ্মসংস্থাপনৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে৷গোসাঁইগাঁও সদৰ চহৰৰ চাৰি নং ৱাৰ্ডৰ বাসিন্দা বলিত বৰুৱাৰ নেতৃত্বত পাঁচজনীয়া এটি শিক্ষিত যুৱকৰ দলে এইএমএনইএইচ(HMNEH)ৰ অধীনত বিগত ২০১৯ বৰ্ষত কাঠফুলা উৎপাদন আৰম্ভ কৰি সৰ্বত্ৰতে ব্যাপক সঁহাৰি লাভ কৰিছে৷গোসাঁইগাঁৱৰ পাৰিজাত কাঠফুলা গোষ্ঠীৰ মুখ্য পৃষ্ঠপোষকতা বলিত বৰুৱাই প্ৰকাশ কৰা মতে কোকৰাঝাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ অধীনত প্ৰশিক্ষণ গ্ৰহন কৰি বৈজ্ঞানিক পদ্ধতিৰে এই কাঠফুলা উৎপাদনত মনোনিবেশ কৰি ক্ৰমাগত ভাবে ব্যৱসায়ত সম্প্ৰসাৰণ ঘটাবলৈ সক্ষম হৈছে৷সম্প্ৰতি বগা,গোলাপী,কলা,মুগা আৰু হালধীয়া বৰণৰ পাঁচবিধ কাঠফুলা উৎপাদন কৰিছে৷কৃষি বিজ্ঞান কেন্দ্ৰৰ যোগেদি বিভিন্ন প্ৰজাতিৰ বীজ ক্ৰয় কৰি উন্নত আৰু বৈজ্ঞানিক পদ্ধতিৰে আৰম্ভ কৰিছে কাঠফুলাৰ এই উৎপাদন৷ ওখ,সেমেকা আৰু সুৰক্ষিত স্থানত বীজ সংস্থাপন কৰাৰ মুঠ ৭২ দিন পিছতহে কাঠফুলা বিক্ৰী যোগ্য হয় বুলি বৰুৱাই সদৰি কৰি প্ৰকাশ কৰা মতে চাহিদা আৰু গুণগত মান অনুযায়ী হালধীয়া ৰঙৰ কাঠফুলা প্ৰতি কেজিত দুশ টকাৰ পৰা পাঁচশ টকাত বিক্ৰী হয়৷জিলা বাণিজ্য আৰু উদ্যোগ কেন্দ্ৰৰ পৰা ঋণ লৈ এই ব্যৱসায়ত অধিক উৎপাদন আৰু ব্যৱসায় সম্প্ৰসাৰণৰ ব্যৱস্থা গ্ৰহনৰ কথা ব্যক্ত কৰিছে৷সম্প্ৰতি কাঠফুলা গুৱাহাটী, তেজপুৰ,নলবাৰী আদিকে ধৰি বিভিন্ন অঞ্চলত বিক্ৰীৰ বাবে প্ৰেৰণ কৰা হৈ আছে এই জনপ্ৰিয় কাঠফুলা৷সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে কাঠফুলা চাষ কৰা শিক্ষিত নিবনুৱা যুৱকৰ দলটোৱে প্ৰকাশ কৰা মতে কৃষি বিজ্ঞান কেন্দ্ৰ আৰু মহকুমা প্ৰশাসনে পাৰিজাত কাঠফুলা উৎপাদন গোটটো পৰিদৰ্শন কৰি বৰুৱাৰ এনে কৰ্মসংস্কৃতিৰ ভূয়সী প্ৰশংসা কৰাৰ লগতে ব্যৱসায়ৰ উন্নতি কামনা কৰিছে৷একেদৰে জিলা উপায়ুক্তই অচিৰেই কাঠফুলা উৎপাদন কেন্দ্ৰটো পৰিদৰ্শন কৰিব বুলিও সদৰি কৰিছে৷

No comments