ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৬ মাৰ্চ ঃ শীঘ্ৰেই আলফা (স্বাঃ)ই মুকলি কৰি দিব দুমাহতকৈ অধিক দিন ধৰি পণবন্দী হৈ থকা কুইপ’ৰ দুই বিষয়া। উল্লেখ্য যে ...
ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৬ মাৰ্চ ঃ শীঘ্ৰেই আলফা (স্বাঃ)ই মুকলি কৰি দিব দুমাহতকৈ অধিক দিন ধৰি পণবন্দী হৈ থকা কুইপ’ৰ দুই বিষয়া। উল্লেখ্য যে মধ্যস্থতাকাৰীৰ যোগেদি কুইপ’ৰ শীৰ্ষ বিষয়াৰ সৈতে আলোচনা হোৱাৰ পিছতে অপহৃত দুই বিষয়া ৰাম কুমাৰ আৰু প্ৰণৱ কুমাৰ গগৈৰ মুকলিৰ সম্ভাৱনা স্পষ্ট হৈ উঠিছে। কুইপ’-এ পাঁচ হাজাৰ অসমীয়া যুৱকক নিযুক্তি দিব বুলি আশ্বাস দিয়াৰ পিছতে অপহৃত দুই বিষয়াক মুকলি কৰি দিয়া হ’ব বুলি আলফা (স্বাঃ)-এ ঘোষণা কৰিছিল যদিও কিছুদিন পূৰ্বে এটা ৱেব পৰ্টেলৰ সাংবাদিকে আলফা (স্বাঃ)ৰ কাণ্ডক লৈ বিতৰ্কিত মন্তব্য কৰাৰ পিছতে খৰ্গহস্ত হৈছিল আলফা (স্বাঃ) আৰু এক প্ৰেছ বিজ্ঞপ্তিযোগে যেতিয়ালৈকে ৱেব পৰ্টেলৰ সাংবাদিক দীক্ষিত শৰ্মাই ক্ষমা নোখোজে তেতিয়ালৈকে আলফা (স্বাঃ)-এ অপহৃত দুই বিষয়াক মুকলি কৰি নিদিয়ে বুলি বিবৃতি জাৰি কৰিছিল।
প্ৰথম অৱস্থাত দীক্ষিত শৰ্মাই ফেচবুকযোগে ক্ষমা প্ৰাৰ্থনা কৰিছিল যদিও পৰৱৰ্তী সময়ত ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ আলফা (স্বাঃ)-এ পুনৰ বিবৃতি প্ৰকাশ কৰিছিল। ইপিনে, শেহতীয়াকৈ দীক্ষিত শৰ্মাই বিতৰ্কিত মন্তব্যৰ বাবে আলফা (স্বাঃ)ৰ ওচৰত ক্ষমা খোজাৰ পিছত আজি আলফা (স্বাঃ)ৰ প্ৰচাৰ বিভাগৰ সদস্যকে ৰুমেল অসমে এক প্ৰেছ বিজ্ঞপ্তিযোগে জনায় যে সাংবাদিকগৰাকীৰ ভুল সংগঠনটোৱে মাৰ্জনা কৰিছে আৰু তেখেতৰ বিৰুদ্ধে কোনো দ্বিধাবোধ নাই আৰু শীঘ্ৰে কুইপ’ৰ দুই বিষয়াক সংগঠনটোৱে মুকলি কৰি দিব। দুই-এদিনৰ ভিতৰতে সুৰক্ষিত স্থানত সুস্বাস্থ্যৰে দুয়োজন বিষয়াক মুকলি কৰি দিয়া হ’ব বুলি সংগঠনটোৱে জানিবলৈ দিছে।
No comments