Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটত জমিয়তৰ সাধাৰণ সভা সম্পন্ন

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ১৬  মাৰ্চ :  যোৰহাট চেন্ট্ৰেল ক্লাৱত আজি যোৰহাট জিলা জমিয়তৰ সাধাৰণ অনুষ্ঠিত হয় । উক্ত সভাত জিলাখনৰ অন্তৰ্গত আঠোটাকৈ ...


ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ১৬  মাৰ্চ :  যোৰহাট চেন্ট্ৰেল ক্লাৱত আজি যোৰহাট জিলা জমিয়তৰ সাধাৰণ অনুষ্ঠিত হয় । উক্ত সভাত জিলাখনৰ অন্তৰ্গত আঠোটাকৈ আঞ্চলিক সমিতি যেনে পটিয়া গাওঁ, মাউত গাওঁ , চৰাইবাহী , ঢ়াপকটা, কাকজান , চিনামৰা পানীচকুৱা ম’হবন্ধাৰ উপৰিও যোৰহাট  মহানগৰৰ  আদিৰ প্ৰায় শতাধিক প্ৰতিনিধি  উপস্থিত থাকে ৷ সভাপতি মৌলানা চৰিফুল হুচেইন কাচিমিয়ে সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য  বাখ্যা কৰাৰ লগতে আঁত  ধৰে সম্পাদক নৱাব নাচিৰুদ্দিন আহমদে ৷ কেন্দ্ৰীয় পৰ্যবেক্ষক ৰূপে উপস্থিত থাকে ক্ৰমে মৌলানা ইচমাইল হুচেইন আৰু হাফিজ ইমতিয়াজ আহমদ৷ সভাত বিভিন্ন গুৰুত্ব পূৰ্ণ দিশসমূহ  আলোচনা কৰা হয় । সভাত  মৌলানা চৰিফুল হুচেইনক সভাপতি,  নৱাব নাচিৰুদ্দিনক আহমেদক সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰাৰ লগতে মৌলানা মুছাদ্দিক হুছেইন ,মৌলানা আৰিফ আহমেদ,  চৰিফুৰ ৰহমান আৰু চৈয়দ মুয়ীন আহমেদক উপসভাপতিৰ দায়িত্ব   দিয়াৰ লগতে চাজিদ আহমেদক ধনভঁৰালীৰ দায়িত্ব দি   ৩৩ জনীয়া এখন শক্তিশালী সমিতি  গঠন কৰা হয় ৷ লগতে  সভাত আগন্তুক নিৰ্বাচনত জমিয়তৰ কৰণীয় সন্দৰ্ভতো আলোচনা কৰা হয়৷

No comments