Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

দেৰগাঁৱত এজেপিৰ প্ৰাৰ্থী আনন্দ চন্দ্ৰ দাসক আদৰণি

গণবাৰ্তা বিশেষ দেৰগাঁও, ৭ মাৰ্চঃ জাতীয়তাবাদী ভাৱধাৰাৰে সৃষ্টি হোৱা ৰাজনৈতিক দল অসম জাতীয় পৰিষদে দেৰগাঁও সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবল...


গণবাৰ্তা বিশেষ দেৰগাঁও, ৭ মাৰ্চঃ জাতীয়তাবাদী ভাৱধাৰাৰে সৃষ্টি হোৱা ৰাজনৈতিক দল অসম জাতীয় পৰিষদে দেৰগাঁও সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আনন্দ চন্দ্ৰ দাসক প্ৰক্ষেপ কৰিছে। আজি এজেপিৰ দলীয় কৰ্মীসকলে দেৰগাঁও সমষ্টিৰ প্ৰাৰ্থী গৰাকীক আদৰণিৰে সৈতে দেৰগাঁও ৰাজ্যিক বাছ স্থানৰ পৰা যোৰহাট স্থিত বাসগৃহলৈ হৰ্ষ ধ্বনিৰে আদৰি লৈ যায়। মূলত চলিত চৰকাৰ খনে কি দিলে আৰু ৰাইজৰ পৰা কি নিলে সেই বিষয়ত আলোকপাত কৰি সমাগত ভোটদানৰ দিনৰ আগত ৰাইজৰ মাজত দেৰগাঁৱৰ মূল মূল সমস্যা সমূহৰ সমাধানৰ পৰিকল্পনা সমূহ ৰাইজৰ সমূখত দাঙি ধৰি নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ ইংগিত বহন কৰিছে এজেপিৰ প্ৰাৰ্থী জনে। ইফালে মিত্ৰজোঁটৰ প্ৰাৰ্থী ভৱেন্দ্ৰ নাথ ভৰালী আৰু কংগ্ৰেছৰ প্ৰাৰ্থী বাণী হাজৰিকাৰ প্ৰত্যাহ্বান হিচাপে স্বীকাৰ কৰিছে প্ৰাৰ্থী গৰাকীয়ে। আনহাতে দেৰগাঁও সমষ্টিৰ পৰা ৰাইজৰ দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী গৰাকীয়ে তেখেতক নিৰ্বাচনৰ প্ৰচাৰত সহায় কৰিব বুলি জানিবলৈ দিয়ে। দেৰগাঁৱত দেওবাৰে দিনটোত নিৰ্বাচন কেন্দ্ৰক উৎসৱ পৰিস্থিতি দেখা যায়। অনাগত দিনবোৰত নিৰ্বাচন কেন্দ্ৰিক ধৌৱে দেৰগাঁও আকাশ বতাহ কম্পমান কৰাটো প্ৰায়ে নিশ্চিত।

No comments