Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বিশিষ্ট গল্পকাৰ , অধ্যাপক ড০ অপূৰ্ব বৰাৰ মৃত্যু; যোৰহাটত শোকৰ ছাঁ

ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট ১৩ মাৰ্চ :  বিশিষ্ট গল্পকাৰ , সমালোচক তথা যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড০ অপূৰ্ব বৰা আৰু ...


ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট ১৩ মাৰ্চ : 
বিশিষ্ট গল্পকাৰ , সমালোচক তথা যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড০ অপূৰ্ব বৰা আৰু নাই। গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ অৱস্থাতে আজি তেওঁৰ দেহাৱসান হয় ।  দীৰ্ঘ দিন ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈ অকালতে মৃত্যুক সাবটি লোৱা গল্পকাৰ গৰাকীৰ মৃত্যুত সমগ্ৰ জিলাখনতে শোকৰ ছাঁ পৰিছে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৪ বছৰ । উল্লেখ্য যে লখিমপুৰৰ জয়পুৰ ভোগপুৰ চাৰিআলিত  ১৯৬৭ চনৰ ৩১ নৱেম্বৰত জন্ম গ্ৰহণ কৰা ড ০ বৰাই গোহাঁই কমল বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ বিহপুৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয় । উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ পৰা স্নাতক আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি  ১৯৯৩ চনৰ ১ আগষ্টত যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ত প্ৰবক্তা ৰূপে যোগদান কৰি অসমীয়া বিভাগৰ সহযোগী অধ্যাপকৰূপে মৃত্যৰ সময়লৈকে  কৰ্মৰত হৈ আছিল । যোৰহাটৰ কেন্দুগুৰিৰ নিউ কলনীৰ স্থায়ী  বাসিন্দা হৈ তেওঁ যোৰহাটৰ সমাজ আৰু সাহিত্য জীৱনৰ সৈতে জড়িত হৈ পৰিছিল । প্ৰান্তিক আলোচনীৰ দৈনন্দিন শিতানৰ জনপ্ৰিয় লেখক  তথা সাতসৰী , প্ৰকাশ আৰু গৰীয়সীৰো নিয়মীয়া লেখক- সমালোচক ড০ বৰাৰ প্ৰকাশিত গ্ৰন্থ সমূহ হ'ল -' অসমীয়া চুটি গল্প : ঐতিহ্য আৰু বিৱৰ্তন , দৈনন্দিন -১, দৈনন্দিন - ২, দৈনন্দিন - ৩,  প্ৰফুল্ল চন্দ্ৰ বড়াৰ সমগ্ৰ গল্প ( সম্পাদিত ), সেউজীয়া সপোনৰ মানুহ ( ড০ ৰবীন বেনাৰ্জীৰ বিচিত্ৰ জীৱন কাহিনী) আদি । আৱাহন যুগ আৰু লক্ষীধৰ শৰ্মাৰ চুটি গল্প এটি বিশ্লেষণাত্মক অধ্যয়ন , অসমীয়া স্বৰ্ণ শিল্পৰ সমস্যা  আৰু সম্ভাৱনা আদি তেওঁৰ গৱেষণাধৰ্মী কাৰ্য আছিল।
                    শেহতীয়াকৈ তেওঁ আধুনিক অসমীয়া সাহিত্যৰ গতি - প্ৰকৃতি  শীৰ্ষক প্ৰায় ১০০০ পৃষ্ঠা জোৰা গ্ৰন্থ এখনৰ কাম কৰি আছিল আৰু গ্ৰন্থ খন প্ৰায়  সমাপ্তিৰ পথত আছিল । মৃত্যু পৰ্যন্ত তেওঁ পূব যোৰহাট আৰ্থ সামাজিক সুৰক্ষা খণ্ডৰ উপ সভাপতি ৰূপে দায়িত্ব পালন  কৰি আছিল । অসমীয়া থলুৱা সামগ্ৰীৰ  বজাৰ এখন বিজ্ঞান সন্মত পৰিকল্পনাৰ সাকাৰ ৰূপ দিবলৈ চিন্তা চৰ্চা কৰি থকা ড০ বৰাই বহুকেইজন দৰিদ্ৰ শিক্ষাৰ্থীৰ পঢ়াৰ খৰচ বহন কৰিছিল । প্ৰচাৰ বিমুখ আৰু নীৰৱে সাহিত্য চৰ্চা কৰা বৰাৰ মৃত্যুত অসমীয়া সাহিত্যৰ অপূৰণীয় ক্ষতি । মৃত্যু পৰ্যন্ত অন্যায়ৰ বিপক্ষে যুঁজি থকা বৰাৰ মৃত্যুত কেন্দ্ৰীয় মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলৰ লগতে শিক্ষাৰ্থী সকলে গভীৰ শোক প্ৰকাশ কৰিছে ।  মৃত্যুৰ সময়ত তেওঁ পত্নী সহ এজন পুত্ৰ আৰু এগৰাকী কণমানি কন্যাক এৰি থৈ গৈছে ।

No comments