Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

চামগুৰি সমষ্টিত নিৰ্বাচনী প্ৰচাৰ অভিযান প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ

গনবাৰ্তা চামগুৰি,১৭ মাৰ্চ : আগন্তুক অসম বিধান সভাৰ ২০২১ বৰ্ষৰ নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে    সিমানেই শাসক বিৰুধী দলৰ প্ৰাৰ্থীসকলৰ গ...


গনবাৰ্তা চামগুৰি,১৭ মাৰ্চ
: আগন্তুক অসম বিধান সভাৰ ২০২১ বৰ্ষৰ নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে 
 সিমানেই শাসক বিৰুধী দলৰ প্ৰাৰ্থীসকলৰ গাত তৎ নাইকিয়া হৈছে ৷ এই ক্ষেত্ৰত অধিক আকৰ্ষণীয় হৈ পৰিছে ৮৮নং চামগুৰি বিধান সভা সমষ্টি ৷আজি চামগুৰি সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে সমষ্টিটোৰ বাজিয়া মণ্ডলৰ অন্তৰ্গত বাৰটা পঞ্চায়তত নিৰ্বাচনী প্ৰচাৰ চলাই ৷ বাৰটা পঞ্চায়তৰ  ভিতৰত প্ৰথমে সুতাৰ গাওঁ পঞ্চায়তৰ পৰা আৰম্ভ কৰি শেষত কুহুমতলী পঞ্চায়তত নিৰ্বাচনী প্ৰচাৰ সমাপ্ত কৰে ৷ উক্ত নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকি প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত কয় যে আমাৰ চৰকাৰ আহিলে অসমত কা বাতিল কৰা হব বুলি কোৱৰ লগতে  ৰাইজলৈ পাচঁটা গেৰাণ্টি আগবঢ়াই কয় দুশ ইউনিট পৰ্যন্ত বিদ্যুৎৰ বিল ৰেহাই হব,প্ৰতি বছৰে একলাখকৈ যুৱক যুৱতীক কৰ্মসংস্থাপন দিয়া হব , বাগিছাৰ শ্ৰমিকলৈ দৈনিক ৩৬৫ টকা মজুৰি দিয়া হব ,অসমৰ প্ৰতিজনী গৃহিণীলৈ মাহে দুুুই হাজাৰ টকাকে দিয়া হব বুলি দাবী জনাই৷ লগতে উল্লেখ কৰে যে  বিজেপি চৰকাৰৰ এশ প্লাচ মানে হল মচুৰ ডালিৰ দাম এশ হল, এশ ষাঠি টকা হল এক লিটাৰ মিঠাটেলৰ দাম , মাটিৰ খাজানা ক্ষেত্ৰত এশ শতাংশ  বৃদ্ধি কৰি কৃষকক মাধমাৰ সুধুৱা পৰিলক্ষিত হৈছে ৷ আনহাতে আমাৰ সিজনে অৰ্থাৎ  মন্ত্ৰী হিমন্ত বিশ্বৰ নাম উল্লেখ নকৰাকৈ কয় যে গুৱাহাটীৰ পৰা নগাঁৱলৈ হেলিকপ্টাৰে আহি চাইকেল চলোৱাৰ নামত এদিনত হেলিকপ্টাৰত ব্যয় কৰে ৩০ লাখ টকা ৷ সেইবাবে মূল্যবৃদ্ধি হোৱা বুলি দাবী কৰি  বিজেপিক তুলাধুনা দিয়া দেখা যায় ৷ আজিৰ নিৰ্বাচনী সভাতে বিভিন্ন দলৰ পৰা প্ৰায় অহা শতাধিক কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰে ৷

No comments