Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

হাউলীত ৰঙালী বিহু উদযাপন সমিতিৰ কাৰ্যালয়ৰ শুভ উদ্ধোধন

গণবাৰ্তা,হাউলী,১১ মাৰ্চঃ বিগত বছৰ সমূহৰ দৰে এইবাৰো বৰপেটা জিলাৰ হাউলীৰ ৪৩ সংখ্যক সদৌ হাউলী ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত অহা ২৪ আৰু ২৫ ( ...


গণবাৰ্তা,হাউলী,১১ মাৰ্চঃ
বিগত বছৰ সমূহৰ দৰে এইবাৰো বৰপেটা জিলাৰ হাউলীৰ ৪৩ সংখ্যক সদৌ হাউলী ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত অহা ২৪ আৰু ২৫ ( ১০ আৰু ১১ বহাগ) এপ্ৰিলত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰাৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে | ইয়াৰ লগত সংগতিৰাখি উপেন দাসক সভাপতি,নিপামনি কলিতাক কাৰ্যকৰী সভানেত্রী,উৎপল ৰায় আৰু ৰাজ প্ৰতীম দাসক সাধাৰণ সম্পাদক হিচাপে লৈ ৪৩ সংখ্যক সদৌ হাউলী ৰঙালী বিহু উদযাপন সমিতিৰ এখন কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হৈছে | হাউলী ৰঙালী বিহু উদযাপন সমিতিৰ এখন অস্থায়ী কাৰ্যালয় বুধবাৰে সন্ধিয়া ৭-৩০ বজাত এক গাম্ভৰ্যপূৰ্ণ অনুষ্ঠানত শুভ উদ্ধোধন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক খনীন্দ্ৰ বায়নে | উক্ত অনুষ্ঠানত হাউলী জুনিয়ৰ কলেজৰ অধ্যক্ষ অনিল কলিতা,সমাজসেৱী অঞ্জলী চৌধুৰী,অৱসপ্ৰাপ্ত শিক্ষক তৰুণ নাথ,সমাজ কৰ্মী কুশল দাস,প্ৰতিষ্ঠিত ব্যাৱসায়ী অভয় ভোতৰা সহ ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে | আগন্তুক ৰঙালী বিহুৰ সকলো কাৰ্যসূচীতে ৰাইজৰ সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে উদযাপন সমিতিয়ে |


No comments