Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বছৰৰ অন্য সময়ত এলাগি হৈ থকা বাইহাটা চাৰিআলিৰ এটা বিশেষ ঘৰে প্রাণ পাই উঠে নির্বাচনৰ সময়ত

গণ বাৰ্তা ,বাইহাটা চাৰিআলি, ২৪ মাৰ্চ :  ৰাজ্য খনৰ প্রতিটো নির্বাচনৰ সময়ত প্রাণ পাই উঠে বাইহাটা চাৰিআলিৰ এটা বিশেষ ঘৰে। ঐতিহাসিক অসম আন্দোল...


গণ বাৰ্তা ,বাইহাটা চাৰিআলি, ২৪ মাৰ্চ
:  ৰাজ্য খনৰ প্রতিটো নির্বাচনৰ সময়ত প্রাণ পাই উঠে বাইহাটা চাৰিআলিৰ এটা বিশেষ ঘৰে। ঐতিহাসিক অসম আন্দোলনৰ ফলশ্রুতিত কেন্দ্রীয় চৰকাৰৰ সতে সদৌ অসম ছাত্ৰ সন্থাৰ মাজত সম্পাদিত অসম চুক্তিৰ পিছত অনুষ্ঠিত হোৱা অসম বিধানসভাৰ নির্বাচনত কমলপুৰ বিধান সভা সমষ্টিত অগপ ৰ হৈ ময়িদুল ইছলাম বড়াই প্রতিদণ্ডিতা কৰাৰ সময়ৰ পৰা এই বিশেষ ঘৰটোৱে বিশেষ পৰিচিত লাভ কৰিবলৈ সক্ষম হৈছিল।কামৰূপ জিলাৰ বাইহাটা চাৰিআলি অঞ্চলৰ গুৱাহাটী পথৰ গাতেই লাগি থকা এই বিশেষ ঘৰটোত প্ৰতিটো নির্বাচন তথা ৰাজনৈতিক পটভূমিক লৈ অহা যোৱা কৰিছে বহু শীৰ্ষ ৰাজনৈতিক নেতা কৰ্মী।১৯৮৫চনৰ পৰা অসম গণ পৰিষদৰ কমলপুৰ সমষ্টিৰ দলীয় কাৰ্যালয় হিচাপে ব্যৱহৃত হোৱা বিশেষ ঘৰটো আকৌ নিৰ্বাচনৰ বতৰত প্ৰাণ পাই উঠাত ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।বাইহাটা চাৰিআলিৰ পুলিচ পইন্টৰ পৰা গুৱাহাটী পথেৰে মাত্ৰ ৩০০মিটাৰ দূৰত্ব আগবাঢ়ি আহিলে এই ঘৰটো পোৱা যায়।বিগত নিৰ্বাচন সমূহৰ দৰে এইবাৰো ঘৰটো ব্যবহাৰ কৰা হৈছে নিৰ্বাচনৰ কাৰ্যালয় হিচাপে । ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ দলীয় পতাকা, বেনাৰ, হৰ্ডিং আদিৰে বৰ্তমান ঘৰটো চৌদিশে শোভাবৰ্ধন কৰি আছে ।উল্লেখ্য যে বাইহাটা চাৰিআলিৰ গুৱাহাটী পথত থকা এই বিশেষ ঘৰটো অসম গণ পৰিষদ চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী মইদুল ইছলাম বড়াৰ ।১৯৮৫চনত অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত প্ৰথম আঞ্চলিক দলৰ চৰকাৰৰ গঠন হয়।১৯৮৫ চনত কমলপুৰ সমষ্টিৰ পৰা অসম গণ পৰিষদৰ বিধায়ক হিচাপে মইদুল ইছলাম বড়া নিৰ্বাচিত হৈছিল ।বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰে পৰা মইদুল ইছলাম বড়াৰ নিজা ঘৰটো দলীয় কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰিবলৈ লয়।বিধায়ক মইদুল ইছলাম বড়াই সমষ্টিৰ ৰাইজক লগ কৰিছিল ইয়াতে।কমলপুৰ সমষ্টিৰ আঞ্চলিক ৰাজনীতিৰ বহু উত্থান পতনৰ সাক্ষী মইদুল ইছলাম বড়াৰ বাসগৃহ আজিও অসমৰ ৰাজনৈতিক ক্ষেত্ৰত প্ৰাসংগিক হৈ আছে।অসম আন্দোলনৰ ৰথী মহাৰথী সকলৰ পদাৰ্পনে ধন্য কৰি তুলিছিল এই বিশেষ ঘৰটো । ফলস্বৰূপে বিগত ৩৫ বছৰ কমলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক মইদুল ইছলাম বড়াৰ নিজা ঘৰটো আগন্তুক নিৰ্বাচনত বিজেপিৰ দিগন্ত কলিতাই দলীয় কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছে ।এসময়ত অসম গণ পৰিষদৰ নেতা কৰ্মীৰে গিজগিজাই থকা মইদুল ইছলাম বড়াৰ বাসগৃহত অৱশ্যে আজি সেই পৰিবেশ নাই।তেখেতৰ লগতে পত্নীৰ বিয়োগৰ পিছত লাহে লাহে অপ্ৰাসংগিক হয় কমলপুৰ সমষ্টিৰ অসম গণ পৰিষদৰ দলীয় কাৰ্যালয়।দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ কমলপুৰ সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী দিগন্ত কলিতাই মিত্ৰজোটৰ দলীয় কাৰ্যালয়ত হিচাপে অগপ কাৰ্যালয় ব্যৱহাৰ কৰিছে।ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় শীৰ্ষ নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাজ্যিক সমিতিৰ নেতা তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, বিত্ত মন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মা,ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস,কমলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক যাদৱ চন্দ্ৰ ডেকা, ৰঙিয়াৰ বিধায়ক মন্ত্ৰী ভৱেশ কলিতাৰ লগতে অসম গণ পৰিষদৰ সভাপতি মন্ত্ৰী অতুল বৰা,কাৰ্যকৰী সভাপতি মন্ত্ৰী কেশৱ মহন্ত, অসম গণ পৰিষদৰ বিধায়ক সত্যব্ৰত কলিতাৰ উপৰি কমলপুৰ সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী দিগন্ত কলিতাৰ ফটো আৰু হৰ্ডিং আৰি দিয়া হৈছে ঘৰটোৰ চাৰিওফালে।লগতে বিজেপি আৰু অগপৰ পতাকা একেলগে উৰি আছে এইটো কাৰ্যালয়ত।এনেদৰে নিৰ্বাচন আহিলে হৰ্ডিং, ফটো, পতাকাৰে প্ৰান পায় উঠে মইদুল ইছলাম বড়াৰ বাইহাটা চাৰিআলিৰ বাসগৃহ ।১৯৮৫ আৰু ১৯৯৬ চনত দুবাৰকৈ বিধায়ক হোৱাৰ লগতে মন্ত্ৰিত্বৰ সুযোগ পোৱা মইদুল ইছলাম বড়াৰ মৃত্যুৰ পাছতো বড়াৰ বাসগৃহ অসম গণ পৰিষদৰ কমলপুৰ সমষ্টিৰ মুখ্য কাৰ্যালয় আছিল।১৯৯০ চনত কমলপুৰ সমষ্টিৰ বিধায়ক নিৰ্বাচিত হোৱা হিতেশ ডেকা আৰু ২০১৬ চনত বিধায়ক সত্যব্ৰত কলিতাৰো দলীয় মুখ্য কাৰ্যালয় আছিল মইদুল ইছলাম বড়াৰ বাসগৃহ ।১৯৮৫ চনৰ পৰা প্ৰতিটো বিধানসভা আৰু লোকসভাৰ নিৰ্বাচনৰ বতৰত অসম গণ পৰিষদৰ অনুৰাগী সকলে সজাই পৰাই তোলে কাৰ্যালয় হিচাপে ।এইবাৰ কমলপুৰ সমষ্টি অগপ পৰিবৰ্তে বিজেপিৰ দিগন্ত কলিতাক প্ৰাৰ্থিত্ব প্ৰদান কৰাত আকৌ আকৰ্ষণ বাঢ়িছে মইদুল ইছলাম বড়াৰ বাসগৃহ ।তথ্য অনুসৰি ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী দিগন্ত কলিতাই দলীয় কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰিলেও অগপৰ কাৰ্যালয়ত পূৰ্বৰ সেই উৎসাহ নাই।বেছি ভাগ সময়ত কাৰ্যালয় উদং হৈ থকাৰ অভিযোগ উঠিছে।নাই কোনো দলীয় কৰ্মী ।দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনলৈ মাজত মাথো ১০টা দিন থকাৰ পিছতো বাইহাটা চাৰিআলিৰ অগপ কাৰ্যালয়ত বিজেপি অগপ কৰ্মী পূৰ্বৰ উৎসাহ নথকাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । তথাপি মইদুল ইছলাম বড়াৰ আত্মীয় সকলেও নিৰ্বাচনৰ কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰাত আপত্তি তোলা নাই।যাৰ ফলত এসময়ৰ কমলপুৰ সমষ্টিৰ আঞ্চলিক ৰাজনীতিৰ মধ্যমনি অসম গণ পৰিষদৰ দুবাৰকৈ বিধায়কৰ আসন শুৱনি কৰা প্ৰয়াত মইদুল ইছলাম বড়াৰ বাসগৃহৰ সন্মুখত আৰি থোৱা প্ৰধানমন্ত্ৰী,কেন্দ্ৰীয় গৃহমন্ত্ৰী, ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতা সকলৰ লগতে অসম গণ পৰিষদৰ সভাপতি, কাৰ্যকৰী সভাপতি, বিধায়কৰ ফটো আৰু হৰ্ডিঙে বহুতকে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।তদুপৰি প্ৰয়াত মইদুল ইছলাম বড়াৰ ভাষনৰত অৱস্থাৰ আন এখন ফটো প্ৰত্যক্ষ কৰি নষ্টালজিক হৈ পৰিছে এসময়ৰ মইদুল ইছলাম বড়াৰ সহযোগী অগপ দলৰ নিষ্ঠাবান কৰ্মী সকল।  

No comments