Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বৰছলাত নিৰ্দলীয় প্ৰাৰ্থী হেমন্ত অধিকাৰীৰ নিৰ্বাচনী তৎপৰতা

গণবাৰ্তা, চিৰাজুলি, ১১ মাৰ্চ : পদূলিমুখত নিৰ্বাচন ৷ অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিনহে বাকী ৷ ২০২১ৰ বিধান সভা নিৰ্বা...


গণবাৰ্তা, চিৰাজুলি, ১১ মাৰ্চ
: পদূলিমুখত নিৰ্বাচন ৷ অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিনহে বাকী ৷ ২০২১ৰ বিধান সভা নিৰ্বাচনক লৈ ৰাজ্যখনৰ ভিন্নপ্ৰান্তত এতিয়া ৰাজনৈতিক পৰিৱেশ উত্তাল হৈ পৰিছে ৷ ঠায়ে-ঠায়ে জনপ্ৰতিনিধি হোৱাৰ আশাত ৰাজনৈতিক নেতাসকলে ব্যাপক তৎপৰতা বৃদ্ধি কৰিছে ৷৭২ নং বৰছলা বিধান সভা সমষ্টিতো আগন্তুক নিৰ্বাচনক লক্ষ্য কৰি দলীয় আৰু নিৰ্দলীয় প্ৰাৰ্থীসকলৰ সক্ৰিয় গতিবিধিয়ে আকৰ্ষণীয় কৰি তুলিছে প্ৰাক্‌নিৰ্বাচনী দৃশ্যপট ৷ সিফালে সমষ্টিটোত শাসকীয় বিজেপি আৰু কংগ্ৰেছ দলৰ ভিতৰচ’ৰাত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতে জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিছে ৷ বৰছলা সমষ্টিত এইবাৰ বিজেপি দলৰ পৰা বহুকেইগৰাকী স্থানীয় আৰু বাহিৰৰ ব্যক্তিয়ে টিকট বিচাৰিছিল যদিও অৱশেষত গনেশ কুমাৰ লিম্বুয়েই পুনৰ প্ৰাৰ্থিত্ব লাভ কৰিলে ৷ বৰছলাৰ স্থায়ী বাসিন্দা তথা প্ৰতিষ্ঠিত ব্যৱসায়ী-উদ্যোগী ব্যক্তি-সমাজকৰ্মী-প্ৰাক্তন অগপ নেতা আৰু শোণিতপুৰ বিজেপিৰ অৰ্থনৈতিক কোষৰ আহবায়ক হেমন্ত অধিকাৰীয়ো সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থিত্বৰ প্ৰৱল দাবীদাৰ আছিল যদিও টিকটৰ পৰা বঞ্চিত হৈ এতিয়া সমৰ্থক আৰু শুভাকাংক্ষীসকলৰ দাবীত এইগৰাকী প্ৰতিষ্ঠিত ভাষিক অসমীয়াই নিৰ্দলীয় হিচাবে নিৰ্বাচন খেলাৰ প্ৰস্তুতি চলাইছে আৰু নিৰ্বাচনী ৰণত জঁপিয়াই পৰিছে ৷ প্ৰায় ১৬ বছৰে সক্ৰিয় ৰাজনীতিৰ সৈতে জড়িত থকা এইগৰাকী উদ্যমী আৰু উচ্চাকাংক্ষী ব্যক্তিয়ে বিধায়ক হৈ সমাজসেৱাৰ প্ৰচণ্ড হেঁপাহ মনত পুহি ৰাখিছে ৷ তেওঁ বৰছলা সমষ্টিৰ আমূল পৰিৱৰ্তন কৰিব বিচাৰে ৷ বৰছলাত কৃষি বিপ্লৱৰো সূচনা কৰিব বিচাৰে তেওঁ ৷ সমষ্টিটোক অধিকাৰীয়ে দ্বিতীয় শুৱালকুছিত পৰিণত কৰিব বিচাৰে ৷ দীৰ্ঘদিনে বৰছলাত মহিলা সৱলীকৰণৰ বাবে কাম কৰি অহা অধিকাৰীয়ে সমষ্টিটোত পোন্ধৰ হাজাৰ সদস্য অন্তৰ্ভুক্তিৰে নিজা উদ্যোগত জন্ম দিয়া “হ’ৰাইজন ওৱেলফেৱাৰ চ’ছাইটি" নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ যোগেদি প্ৰায় দুহেজাৰ সক্ৰিয় সদস্যক তাঁতশাল, কুটিৰ শিল্প,মৌ পালন আদি কামত সংস্থাপিত কৰি স্ব-নিয়োজনৰ বাট মুকলি কৰিছে বুলি জানিব দিয়ে ৷ অধিকাৰীয়ে বৰছলাৰ নিজা বাসগৃহত বিশখন তাঁতশাল আৰু মেচিনৰে দুই শতাধিক মহিলা উপকৃত হোৱাকৈ পাট-মুগাৰ বোৱা-কটা উদ্যোগ এটা গঢ়ি তোলাৰ পদক্ষেপ গ্ৰহণ কৰিছে ৷ মহিলা সৱলীকৰণৰ বাবে বহুখিনি ব্যৱস্থা থকা বুলি উল্লেখ কৰি অধিকাৰীয়ে কয় যে মহিলাসকলক আগত লৈ তেওঁ সমষ্টিটোত কাম কৰি আহিছে ৷ বৰছলা ৰাজ্যখনৰ ভিতৰতে পিছপৰা সমষ্টি আৰু বৰ্তমানৰ বিধায়ক গৰাকীয়ে সমষ্টিটোত তেওঁ যিমান কাম কৰিব লাগিছিল সিমান কৰিব পৰা নাই বুলিও প্ৰসংগক্ৰমে অধিকাৰীয়ে মন্তব্য কৰে ৷ অধিকাৰীয়ে লগতে কয় - “মোৰ বাহিৰে বৰছলাত টিকট লাভ কৰা প্ৰাৰ্থীসকল ইয়াৰ ভোটাৰ নহয় ৷ কংগ্ৰেছ আৰু বিজেপিৰ প্ৰাৰ্থী দুগৰাকী কেৱল নিজৰ ব্যৱসায়ৰ স্বাৰ্থত ইয়াত নিৰ্বাচন খেলিবলৈ আহিছে ৷ সমষ্টিটোত মোৰ কোনো প্ৰতিদ্বন্দ্বী নাই ৷ মই ৭০ হাজাৰৰো অধিক ভোট লাভ কৰি সমষ্টিটোত বিজয়ৰ শেষ হাঁহি মাৰিবলৈ সক্ষম হ’ম ৷" ইতিমধ্যে অধিকাৰীয়ে সমষ্টিটোত ক্ষিপ্ৰতাৰে নিৰ্বাচনী তৎপৰতা অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে বৰছলাত জেষ্ঠ বিজেপি কৰ্মী হেমন্ত অধিকাৰী নিৰ্দলীয় প্ৰাৰ্থী হিচাবে নিৰ্বাচনত অৱৰ্তীণ হোৱাত সমষ্টিটোত বিজেপি প্ৰাৰ্থীগৰাকীৰ সন্মুখত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব বুলি ৰাইজৰ মাজত চৰ্চা চলিছে ৷ 

No comments