Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

উত্তৰ শালমাৰা মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভা কক্ষত উত্তৰ শালমাৰা জিলা নিৰ্বাচনী বিষয়াৰ সংবাদ মেল

  গণ বাৰ্তা বিশেষ, অভয়াপুৰী, ২৩ মাৰ্চ : আগন্তুক বিধানসভা নিৰ্বাচনক লৈ সোমবাৰে ‌বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ৰ ...


 গণ বাৰ্তা বিশেষ, অভয়াপুৰী, ২৩ মাৰ্চ: আগন্তুক বিধানসভা নিৰ্বাচনক লৈ সোমবাৰে ‌বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভা কক্ষত এখন সংবাদ মেলৰ আয়োজন কৰে। উক্ত সংবাদ মেলত উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি কমল বৰুৱা দেৱে জানিব দিয়া মতে ৩৫ নং অভয়াপুৰী দক্ষিণ (অনুঃ) সমষ্টিত নিৰ্বাচনী প্ৰতিদ্বন্দিতাৰ বাবে সৰ্বমুঠ সাত গৰাকীকৈ প্ৰাৰ্থীয়ে সংশ্লিষ্ট ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে। কিন্তু ইয়াৰে তিনি গৰাকী প্ৰাৰ্থী ক্ৰমে বিমল চন্দ্ৰ দাস(বড়িগাওঁ), বিমল চন্দ্ৰ দাস(কচুদোলা) আৰু দীপক চন্দ্ৰ ৰুহি দাসে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ পিছত ৩৫ নং অভয়াপুৰী দক্ষিণ (অনুঃ) বিধান সভা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিবলগীয়া প্ৰাৰ্থীসকল হ'ল পূৰ্নেন্দু বনিক্য ( অগপ), প্ৰদীপ সৰকাৰ (কংগ্ৰেছ), কৌশিক ৰঞ্জন দাস (নিৰ্দলীয়) আৰু ৰমনাথ মণ্ডল (নিৰ্দলীয়) । আনহাতে, ৩৪ নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিত নিৰ্বাচনী প্ৰতিদ্বন্দিতাৰ বাবে সৰ্বমুঠ আঠ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। কিন্তু ইয়াৰে এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী মোঃ নুৰুল ইছলামে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ পৰিপ্ৰেক্ষিতত ৩৪ নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিত নিৰ্বাচনী প্ৰতিদ্বন্দিতা কৰিবলগীয়া চূড়ান্ত প্ৰাৰ্থীসকল হ'ল - আব্দুল বাতিন খণ্ডকাৰ (কংগ্ৰেছ), আশ্ৰাফুল ইছলাম (অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছ), ভূপেন ৰায় (অগপ), অজন্তা বৰুৱা ( অসম জাতীয় পৰিষদ), শ্যাম ৰাজ ৰাভা (জনতা দল ইউনাইটেড), জাহিদুল ইছলাম (নিৰ্দলীয়), শ্বেখ আব্দুল্লা (নিৰ্দলীয়)। একেদিনাই বিয়লি চাৰি বজাৰ পৰা সাধাৰণ পৰ্যবেক্ষক, ব্যয় পৰ্যবেক্ষক, উত্তৰ শালমাৰ জিলা নিৰ্বাচনী বিষয়া কমল বৰুৱা, দুয়োটা সমষ্টিৰ ৰিটাৰ্নিং বিষয়া, নিৰ্বাচনী বিষয়া তথা অইন অইন বিষয়া, দলসমূহৰ প্ৰাৰ্থী, নিৰ্বাচনী এজেন্টৰ উপস্থিতিত প্ৰাৰ্থীসকলৰ নিৰ্বাচনী ব্যয় পৰ্য্যবেক্ষণ সম্পৰ্কীয় সভাত প্ৰাৰ্থীসকলক তেওঁলোকৰ নিৰ্বাচনী ব্যয়ৰ নিৰ্দিষ্ট হিচাপ বহীত হিচাপ নিকাচ ৰখা তথা উক্ত হিচাপ সমূহ কিদৰে পৰীক্ষণ কৰা হ'ব এই সম্পৰ্কে প্ৰাৰ্থীক অৱগত কৰোৱা হয় । উক্ত সভাত ঘোষণা কৰা মতে ৩৫ নং অভয়াপুৰী উত্তৰৰ প্ৰাৰ্থীসকেল ক্ৰমে মাৰ্চৰ ২৬, ৩১ তথা এপ্ৰিলৰ ৩ তাৰিখে ৰাতিপুৱা দহ বজাৰ পৰা তেওঁলোকৰ নিৰ্বাচনী ব্যয় কাগজ পত্ৰসমূহ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত পৰীক্ষণ কৰা হ'ব । ৩৪ নং অভয়াপুৰী উত্তৰ বিধান সভাৰ প্ৰাৰ্থীসকলে ক্ৰমে মাৰ্চ মাহৰ ২৫, ৩০ তথা এপ্ৰিলৰ ৩ তাৰিখে ৰাতিপুৱা দহ বজাৰ পৰা তেওঁলোকৰ নিৰ্বাচনী ব্যয় কাগজ পত্ৰসমূহ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত পৰীক্ষণ কৰা হ'ব । উল্লেখযোগ্য যে প্ৰাৰ্থীসকলে নিদৃষ্ট স্থানত হে সংশ্লিষ্ট কৰ্তৃপক্ষৰ অনুমতি সাপেক্ষে নিৰ্বাচনী সভা পাতিব পাৰিব । ইয়াৰে ৩৪ নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিত বাৰটা স্থানত ক্ৰমে বৰবিলা পথাৰ, মাণিকপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ, বৰটিলা গোমাঠ (পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়), টুলুঙীয়া, ডি.পি. এম. স্কুল পথাৰ, সৃজনগ্ৰাম এম. ভি. স্কুল পথাৰ, চাকলা হাইস্কুল পথাৰ, কীৰ্তনপাৰা হাইস্কুল পথাৰ, জপেয়া হাইস্কুল পথাৰ, ৰাঙাপানী পথাৰ, আমবাৰী হাইস্কুল পথাৰ আৰু সিদলসতী হাইস্কুল পথাৰ। আনহাতে ৩৫ নং অভয়াপুৰী দক্ষিণ অনুঃ বিধান সভা সমষ্টিৰ পোন্ধৰটা স্থানত ক্ৰমে বইটামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পথাৰ, অভয়েশ্বৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰ, অভয়াপুৰী গান্ধী ময়দান, চলন্তাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ, লেংটিছিঙা ৰাজীৱ গান্ধী মেমোৰিয়েল কলেজৰ পথাৰ, কস্তুৰবা বিদ্যালয়ৰ খেলপথাৰ, ঔডুবি পথাৰ, বালাপাৰা পথাৰ, ছটপাৰা মধ্য ইংৰাজী মাদ্ৰাছাৰ পথাৰ, মেৰেৰচৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ, পিৰাধৰা হাই মাদ্ৰাছাৰ খেলপথাৰ, বৰজানা হাইস্কুলৰ খেলপথাৰ, খোৰাগাওঁ হাইস্কুলৰ খেলপথাৰ, কাবাইটাৰী মধ্য ইংৰাজী মাদ্ৰাছাৰ খেলপথাৰ আৰু পাল্লিৰতল বজাৰৰ পথাৰত প্ৰাৰ্থী সকলে নিৰ্বাচনী সভা অনুষ্ঠিত কৰিব পাৰিব বুলি সংবাদ মেল খনত জানিবলৈ দিয়ে।

No comments