গণবাৰ্তা,বৰুৱাবামুনগাঁও, ৯ মাৰ্চঃ দেৰগাঁৱৰ নাহৰণিৰ নাহৰ গ্ৰাম্য সংগঠনৰ উদ্যোগত নাহৰণি সমন্বয় যুৱক সংঘত দিনজোৰা কাৰ্যসুচীৰে আন্তজাতিক নাৰী দি...
গণবাৰ্তা,বৰুৱাবামুনগাঁও, ৯ মাৰ্চঃ দেৰগাঁৱৰ নাহৰণিৰ নাহৰ গ্ৰাম্য সংগঠনৰ উদ্যোগত নাহৰণি সমন্বয় যুৱক সংঘত দিনজোৰা কাৰ্যসুচীৰে আন্তজাতিক নাৰী দিৱস উদযাপন কৰা হয় । নাহৰ গ্ৰাম্য সংগঠনৰ সভানেত্ৰী তথা বিশিষ্ট লেখিকা, সমাজকৰ্মী মুজিবুন নিছাই বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে। এই উপলক্ষে আয়োজিত কবিতা আবৃত্তি প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে কবি বন্দনা দত্তই । পঁচিশ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা কবিতা আবৃত্তি প্ৰতিযোগিতাত জেৰিফা বেগম প্ৰথম, জেবিন নাহাৰ দ্বিতীয় আৰু মছফিকা বেগমে তৃতীয় স্থান লাভ কৰে। কবিতা প্ৰতিযোগিতাত বিজয়ী সকলক কিতাপ আৰু মানপত্ৰ প্ৰদান কৰাৰ লগতে সকলো অংশগ্ৰহণকাৰীক একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়।
নাহৰ গ্ৰাম্য সংগঠনৰ সভানেত্ৰী মুজিবুন নিছাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আৰু উপ সভানেত্ৰী জেবিন নাহাৰে উদ্দেশ্য ব্যাখ্যা কৰা মুকলি সভাত মুজিবুন নিছা, জেবুন নাহাৰ হক, বন্দনা দত্ত, জেবিন নাহাৰ, চাজিনা বেগম, মৰ্জিনা বেগম, জেৰিফা বেগম, বিশিষ্ট সমাজ কৰ্মী মুজিবুৰ ৰহমান, বিশিষ্ট কবি মিৰ মিচবাহ মুস্তা হাচানক সম্বৰ্ধনা জনোৱা হয় । সভাত জেৰিফা বেগম, সম্পাদিকা জেবুন নাহাৰ হক, বিশিষ্ট সমাজ কৰ্মী মুজিবুৰ ৰহমানকে ধৰি বহুকেইজনে বক্তব্য আগবঢ়ায় ।
No comments