Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মাজগাঁও আঞ্চলিক সমিতি আমছুৰ বাৰ্ষিক অধিৱেশনৰ সফল সামৰণি; সংখ্যালঘু ৰাইজে কাগজ-কলমেৰে প্ৰত্যুত্তৰ দিব লাগিবঃ ৰেজাউল কৰিম চৰকাৰ

গণবাৰ্তা বিশেষ,ভৱানীপুৰ,২৬ মাৰ্চঃ  সংখ্যালঘু সমাজে ছোৱালী সকলক শিক্ষিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন নকৰে। ছোৱালী সকলক বিয়া দিয়াৰ ...


গণবাৰ্তা বিশেষ,ভৱানীপুৰ,২৬ মাৰ্চঃ 
সংখ্যালঘু সমাজে ছোৱালী সকলক শিক্ষিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন নকৰে। ছোৱালী সকলক বিয়া দিয়াৰ সামগ্ৰী হিচাপেহে কেৱল ব্যৱহাৰ কৰে। এই মনোভাৱ এতিয়াও আমাৰ বহু পিতৃ-মাতৃৰ আছে,তেও আৰু কয় লৰাক যেনেকৈ ডাক্তৰ,অভিযন্তা তথা প্ৰশাসনিক সেৱাৰ বিষয়া বনাব বিচাৰে ঠিক তেনেদৰে ছোৱালীৰ ক্ষেত্ৰতো সেই কথাটো সমানকৈ ভাৱক। তেতিয়াহলে সমাজখন আগুৱাই যাব ঘৰখন আগুৱাই যাব - এইদৰে কয় আমছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে। বৃহস্পতিবাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ মাজগাঁও আঞ্চলিক আমছু সমিতিৰ বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সৰকাৰে আৰু কয়ঃ ছাত্ৰ সংগঠনৰ নেতা হিচাপে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ ঘুৰিছো সংখ্যালঘু জনসাধাৰণে প্ৰতিটো ক্ষেত্ৰতে কেৱল লাঞ্চিত,বঞ্চিত আৰু নিস্পেষিত হৈ আহিছে। গতিকে সংখ্যালঘু ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ কাগজ-কলমৰ জড়িয়তে দিব লাগিব। এই কাগজ কলমৰ প্ৰত্যুত্তৰ আটাইতকৈ শক্তিশালী হ'ব। গতিকে মাজগাঁও অঞ্চলৰ পৰাই সেই যুদ্ধ আৰম্ভ কৰি দিয়ক। কেইদিনমান পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই কোৱা সংখ্যালঘু মাতৃ সকল সন্তান জন্ম দিয়া মেচন সেই প্ৰসংগ টানি নেতা গৰাকীয়ে কয়- সেই হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিৰ পতাকা লৈ তথা সহযোগী দল অগপ পতাকা হাতত লৈ একাংশ সংখ্যালঘু ব্যক্তিয়ে জিন্দাবাদ ধ্বনি দি আছে গতিকে ইয়াতকৈ লজ্জাজনক কথা আৰু হ'ব পাৰে নেকি বুলি প্ৰশ্ন তুলে। আমাৰ মাতৃক যিজনে অপমান কৰিছে তাৰ প্ৰত্যত্তৰ অহা ৬ তাৰিখে ভোটাৰ মেচিনত বুটাম টিপি দিব লাগিব। যদি দিব নোৱাৰে তেন্তে প্ৰতিদিনে আমাৰ মাতৃক তথা আমাৰ জাতিটোক এনেকুৱা তিৰস্কাৰ কৰি থাকিব। আমি কাজিয়া কৰি নহয় গনতান্ত্ৰিকভাৱে, ৰাজনৈতিকভাৱে আৰু সামাজিকভাৱে আন্দোলন কৰি হলেও আমাৰ জনগোষ্ঠীটোক কৰা প্ৰতিটো তুচ্ছ তাচ্ছিল্যৰ উত্তৰ দিব লাগিব। আনহাতে নেতা গৰাকীয়ে কয়- অহা ২৮ তাৰিখে আমি আমছুৱে সিদ্ধান্ত গ্ৰহণ কৰিম তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত কোনটো সমষ্টিত কোনজন প্ৰাৰ্থীক সমৰ্থন আগবঢ়াম তাক লৈ কেইটামানদিন ৰাইজক অপেক্ষা কৰিবলৈ আহ্বান জনায়। তদুপৰি ভৱানীপুৰ সমষ্টিৰ ৰাইজকো বিনম্ৰতাৰে এই আহ্বান জনায় সৰকাৰে অন্যথা পুনৰ ৫ বছৰৰ বাবে কান্দিব লগা হ'ব এই সমষ্টিবাসী ৰাইজ এই বুলি উল্লেখ কৰে নেতা গৰাকীয়ে। উল্লেখ্য যে মাজগাঁও আঞ্চলিক সমিতিৰ সভাপতি ছগিৰ আলমৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাত আমছুৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতিদ্বয় আবুল হুছেইন আৰু নজৰুল ইছলাম, সহঃ সাধাৰণ সম্পাদক আব্দুল জুব্বাৰ আলী, তথ্য প্ৰযুক্তি সম্পাদক আমিনুৰ ৰহমান আদিয়ে উপস্থিত থাকি সংখ্যালঘু সমাজত প্ৰচলিত অন্ধবিশ্বাস,কু-সংস্কাৰ আদি নানা বিষয়ৰ ওপৰত ভাষন প্ৰদান কৰে।

No comments