Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

দেৰগাঁও বিধান সভা সমষ্টিৰ কংগ্ৰেছ দলৰ টিকটৰ দাবীদাৰ , প্ৰভাত কুমাৰ দাস , দলপতিলৈ আবেদন পত্ৰ প্ৰেৰণ অনুসূচিত জাতিৰ কেইবাটাও সংগঠনৰ

  ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,২ ফেব্ৰুৱাৰী:  আগন্তক বিধান সভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে বিভিন্ন সমষ্টিৰ ৰাজনৈতিক দল সমূহত প্ৰাৰ্থীত্ব দ...

 


ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,২ ফেব্ৰুৱাৰী: আগন্তক বিধান সভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে বিভিন্ন সমষ্টিৰ ৰাজনৈতিক দল সমূহত প্ৰাৰ্থীত্ব দাবীদাৰ প্ৰাৰ্থী সকলে তৎপৰ হৈ পৰিছে । সমান্তৰালভাৱে দেৰগাঁও সমষ্টিত কংগ্ৰেছ দলৰ পৰা প্ৰায় আঠ গৰাকী সদস্যই প্ৰাৰ্থী দাবী কৰা বুলি কংগ্ৰেছ দলৰ ভিতৰচৰাত চৰ্চিত হৈ আছে যদিও যোৰহাট জিলা অনুসূচিত জাতি যুৱ - ছাত্ৰ পৰিষদ অসম, অনুসূচিত জাতি ছাত্ৰ সন্থা,অনুসূচিত জাতি মহিলা পৰিষদ আৰু অসম অনুসূচিত জাতি পৰিষদৰ যোৰহাট জিলা সমিতিয়ে এইবাৰ দেৰগাঁও সমষ্টিত জ্যেষ্ঠ কংগ্ৰেছ কৰ্মী প্ৰভাত কুমাৰ দাসক কংগ্ৰেছ দলৰ প্ৰাৰ্থী দিবলৈ আহ্বান জনাইছে । ইতিমধ্যে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিৰ তৰফৰ পৰা অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়ালৈ আৱেদন পত্ৰ প্ৰেৰণ কৰিছে । উল্লেখ্য যে দেৰগাঁও সমষ্টিৰ সকলো সম্প্ৰদায়ৰ মাজত সু-সম্পৰ্ক থকা জনপ্ৰিয় হৈ থকা প্ৰভাত দাসক কংগ্ৰেছ দলে প্ৰাৰ্থীত্ব আগবঢ়ালে নিশ্চিতভাৱে জয়ী হব বুলি অনুসূচিত জাতিৰ কেইবাটাও সংগঠনৰ সদস্য সকলে উল্লেখ কৰিছে । ১৯৮৮ চনৰ পৰা কংগ্ৰেছ দলত থাকি দলৰ সেৱক হিচাপে সেৱা আগবঢ়াই আহিছে দাসে । দেড়গাঁও সমষ্টিৰ পানীচকুৱা পুৰণি মাটি সত্ৰৰ সমীপৰ নিৰ্বাসী প্ৰভাত কুমাৰ দাসে কংগ্ৰেছ দলৰ বেয়া সময়তো দলৰ সেৱা আগবঢ়াই আহিছে । সমষ্টিটোৰ বিভিন্ন জাতি জনজাতিৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ ৰাইজৰ সেৱা আগবঢ়াই অহাৰ লগতে দেড়গাঁও ৰাইজৰ প্রিয়ভাজন হৈ পৰিছে প্ৰভাত কুমাৰ দাস । সেইহে অনুসূচিত জাতিৰ কেইবাটাও সংগঠনৰ সদস্যসকলে তেওঁক কংগ্ৰেছ দল দিবলৈ কংগ্ৰেছৰ শীৰ্ষ বিষয়া লৈ অনুৰোধ পত্ৰ প্ৰেৰণ কৰা বুলি কংগ্ৰেছ দলৰ এক সূত্ৰই জানিবলৈ দিছে ।

No comments