Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ডুমডুমাত ভেটি সুদৃঢ় কৰাত ব্যস্ত কংগ্ৰেছৰ দুৰ্গা ভূমিজ। ডিগবৈ-শদিয়াত সংগ দিছে অগপই

গণ বাৰ্তা, ডুমডুমা ১২ মাৰ্চ :  কংগ্ৰেছৰ দখলত থকা ১২৫ নং ডুমডুমা বিধানসভা সমষ্টিত এইবাৰ কংগ্ৰেছৰ প্ৰাৰ্থী দুৰ্গা ভূমিজে বহু বেছি পৰিমাণে কষ্ট...


গণ বাৰ্তা, ডুমডুমা ১২ মাৰ্চ :  কংগ্ৰেছৰ দখলত থকা ১২৫ নং ডুমডুমা বিধানসভা সমষ্টিত এইবাৰ কংগ্ৰেছৰ প্ৰাৰ্থী দুৰ্গা ভূমিজে বহু বেছি পৰিমাণে কষ্ট কৰিব লগাত পৰিছে। কিয়নো দূর্গাৰ সন্মুখত এইবাৰ বিজেপিৰ পৰা ৰূপেশ গোৱালা থিয় হৈছে। চাহ জনগোষ্ঠীৰ ভোটাৰে নিৰ্ণায়ক ভূমিকা লোৱা সমষ্টিটোত ৰূপেশ গোৱালাই প্ৰভাৱ পেলাব। কংগ্ৰেছৰ ডখলত থকা সমষ্টিটো পুনৰ কংগ্ৰেছৰ দখলত ৰাখিবলৈ দুৰ্গা ভূমিজে প্ৰচেষ্টা অব্যাহত ৰাখিছে। দুৰ্গা ভূমিজে এতিয়া আন দলৰ নেতা কৰ্মী কংগ্ৰেছ দললৈ আনি কংগ্ৰেছৰ ভেঁটি মজবুত কৰাত লাগিছে।ইফালে, বিজেপিৰ পৰা টিকট লাভ নকৰাৰ বাবে জিলা বিজেপিৰ সভাপতি লক্ষেশ্বৰ মৰানে নিৰ্দলীয় ৰূপত অৱৰ্তীন হৈছে। আন এগৰাকী বিজেপিৰ টিকট বঞ্চিত নেতা দেৱজিত মৰানেও নিৰ্দলীয়ৰূপত অৱৰ্তীন হৈছে। তেখেতে প্ৰতিদ্বন্দিতা কৰি শল ঠেকত পেলাব পাৰে। আনহাতে, তিনিচুকীয়া জিলাৰ ১২৬ নং শদিয়া বিধানসভা সমষ্টিত বিধায়ক তথা বিজেপিৰ প্ৰাৰ্থী বলীন চেতীয়া প্ৰচাৰ অভিযানত ব্যস্ত হৈ পৰিছে। অগপৰ নেতা কৰ্মী লগত লৈ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। এইবাৰ কংগ্ৰেছৰ পৰা লখিন চন্দ্ৰ চেতীয়া আৰু এজেপি ৰ জগদীশ ভূঞা বলীনৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বান ৰূপে থিয় দিছে। অৱশ্যে অসম চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অনুগত বলীন চেতিয়াই কোনোৱে তেওঁৰ বাবে ফেক্টৰ নহয় বুলিহে উল্লেখ কৰি শদিয়া সমষ্টিত বিজেপিৰ জয় নিশ্চিত আৰু বিজেপিয়ে আসনখন দখল কৰিবলৈ সক্ষম হব। ইপিনে, ডিগবৈ বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী সুৰেন ফুকনক  সংগ দিছে মিত্ৰ জোঁটৰ অগপই। অগপৰ দলে নিৰ্বাচনী যুদ্ধত এঘড়ী যুঁজাৰ বাবে সুৰেন ফুকনক সাহস যোগাইছে। সমষ্টিটোৰ পৰা বিজেপিৰ পৰা প্ৰতিনিধিত্ব কৰা সুৰেন ফুকনে এইবাৰো আসন দখল কৰাৰ লক্ষ্যৰে সমষ্টিটোৰ বিভিন্ন ঠাইত সোমাই পৰিছে। বিধায়ক গৰাকীৰ দাবী :" ডিগবৈত তেওঁৰ জয় নিশ্চিত। "

No comments