Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

পাগলে কি নকয় ছাগলে কি নাখায় বুলি হাগ্ৰামাক কটাক্ষ ৰঞ্জিত বসুমতাৰী ওৰফে বি আৰ ফেৰেঙ্গাৰ

গণ বাৰ্তা, গোসাঁইগাঁও, ৩০ মাৰ্চঃ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মাজত মাত্ৰ কেইটামান দিন বাকী।ইতিমধ্যে সকলো ৰাজনৈতিক দলৰ মাজত চলিছে বাকযুদ্ধ, তুংগত ...


গণ বাৰ্তা, গোসাঁইগাঁও, ৩০ মাৰ্চঃ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মাজত মাত্ৰ কেইটামান দিন বাকী।ইতিমধ্যে সকলো ৰাজনৈতিক দলৰ মাজত চলিছে বাকযুদ্ধ, তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। মঙ্গলবাৰে ২৯ নং পশ্চিম কোকৰাঝাৰ (জনজাতি) বিধান সভা সমষ্টিৰ মিত্ৰদলৰ সমৰ্থিত ইউ পি পি এল দলৰ প্ৰাৰ্থী মনোৰঞ্জন ব্ৰহ্মৰ হৈ গোসাইগাঁও সদৰ চহৰৰ সংলগ্ন দলগাঁওত নিৰ্বাচনী প্ৰচাৰ চলাই বিটিআৰ পৰিষদৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী ওৰফে বি আৰ ফেৰঙ্গাই কয় যে চলিত বিধান সভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগণনাত মিত্ৰজোঁটে ৬৫ শতাংশ ভোট লাভ কৰিব। তাতে বড়ো অধ্যুষিত অঞ্চলত অধিক ভোট মিত্ৰজোঁটে লাভ কৰিব। কাৰণ বিটিআৰ চুক্তি আৰু নতুনকৈ গঠন হোৱা বড়ো কছাৰী কল্যাণ পৰিষদ। বিটিচিত বাৰ সমষ্টিতে ইউপিপিএল-বিজেপি প্ৰাৰ্থী জিকিব বুলি তেওঁ উল্লেখ কৰে। হাগ্ৰামা মহিলাৰীয়ে নিৰ্বাচনৰ পিছত বি টি আৰ অঞ্চলৰ বিপিএফ চৰকাৰ গঠন হব বুলি কোৱা প্ৰসংগত পাগলে কি নকয় ছাগলে কি নাখায় বুলি হাগ্ৰামাক কটাক্ষ কৰি তেওঁ কয় যে ইউপিপিএল-বিজেপি-জিএছপি পৰিষদীয় চৰকাৰত ছাব্বিশ জন পৰিষদীয় সদস্য আছে। তেওঁলোক মাত্ৰ ষোল্ল জন সদস্য। তেওঁলোক কেনেকৈ চৰকাৰ গঠন কৰিব পাৰে বুলি প্ৰশ্ন তোলে। সভাত দুশতাধিক লোকৰ সমাগম হয়। ( মিজানুৰ ৰহমান, গোসাঁইগাঁও )

No comments