Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটৰ গ্ৰন্থ মেলাত 'সংস্কৃতি প্ৰকাশনৰ' গ্ৰন্থ ফেকাল্টি এনক্লেভ ডায়েৰী" উন্মোচন

             ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,৪ মাৰ্চ :  যোৰহাট জিলা সাহিত্য সভা আৰু অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কার্যলয়ৰ উদ্যোগত যোৰহাটত অনুষ্ঠিত হোৱ...

            

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,৪ মাৰ্চ :  যোৰহাট জিলা সাহিত্য সভা আৰু অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কার্যলয়ৰ উদ্যোগত যোৰহাটত অনুষ্ঠিত হোৱা গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱত সংস্কৃতি প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপিকা ,বিশিষ্ট লেখিকা ডাঃ মেঘালী দত্ত চলিহাৰ "ফেকাল্টি  এনক্লেভ ডায়েৰী " আজি উন্মোচন হয় । উপন্যাসখন উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰথিতযশা সাহিত্যিক ড0 ধ্ৰুৱজ্যোতি বৰাই । উক্ত গ্ৰন্থ উন্মোচনী অনুষ্ঠানত যোৰহাট চিকিৎসা মহাবিদ্যালয় অধ্যক্ষ ডাঃ ৰত্নকান্ত তালুকদাৰ ,বিশিষ্ট নিবন্ধকাৰ তথা যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অধ্যাপক  ড0 ৰক্তিম ৰঞ্জন শইকীয়া , অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্য্যলয়ৰ সম্পাদক ৰমানন্দ বৰাই বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে । সাহিত্যিক ড0 ৰাজশ্ৰী হাজৰিকাই আঁত ধৰা অনুষ্ঠানটোৰ আৰম্ভণিতে সংস্কৃতি প্ৰকাশনৰ তৰফৰ পৰা চৈয়দ পাৰভিজ হুছেইন আৰু চৈয়দা হবিবা অঞ্জুমে বিশিষ্ট ব্যক্তিসকলক আদৰণি জনায় । এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত ইছমাইল হুছেইন ,অধ্যাপিকা ড0 জ্যোতিৰেখা হাজৰিকা, ডাঃ মাখন কলিতা ,ডাঃ প্ৰাঞ্জলজ্যোতি দত্ত , ড0 কুমুদ ঘোষ , বিপুল ৰেগনকে প্ৰমুখ্যে কৰি বহু গণ্য মান্য সাহিত্যপ্ৰেমী ব্যক্তি উপস্থিত আছিল ।

No comments