Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বটদ্ৰৱা থান দৰ্শন কৰি আৰ্শীষ গ্রহণ প্ৰিয়ংকা গান্ধীৰ; অংশ গ্ৰহণ কৰে মহাজোঁটৰ প্ৰাৰ্থী শিৱামনি বৰাৰ হৈ প্ৰচাৰ সভাত

গনবাৰ্তা টুকটুকী ,২২মাৰ্চ : ভোটদান পৰ্বলৈ মাজত মাত্র আৰু কেইটামান দিন বাকী থকাৰ অন্তত এতিয়া ক্ৰমাৎ আকৰ্ষণীয় হৈ পৰিছে বটদ্ৰৱাৰ নিৰ্বাচনী দৃশ...


গনবাৰ্তা টুকটুকী ,২২মাৰ্চ
: ভোটদান পৰ্বলৈ মাজত মাত্র আৰু কেইটামান দিন বাকী থকাৰ অন্তত এতিয়া ক্ৰমাৎ আকৰ্ষণীয় হৈ পৰিছে বটদ্ৰৱাৰ নিৰ্বাচনী দৃশ্যপট। ইজনৰ পিছত সিজনকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা আগমন ঘটিছে বটদ্ৰৱা সমষ্টিলৈ। আজি সমষ্টিটোৰ এফালে যদি প্ৰিয়ংকা গান্ধীয়ে প্ৰচাৰ চলাইচে আন ফালে চলাইচে মন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই।আজি বটদ্ৰৱাত নিৰ্বাচনী প্ৰচাৰ চলালে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী আৰু ছত্তিশ গঁড়ৰ মুখ্যমন্ত্ৰীয়ে।হিমন্তৰ সভাতকৈ ৰাইজৰ সংখ্যা বৃদ্ধি হল প্ৰিয়ংকা গান্ধীৰ প্ৰচাৰ সভাত। যেন জন সমুদ্রত পৰিণত। আজি বটদ্ৰৱা সমষ্টিৰ বাটমাৰী হাইডুবি আঞ্চলিক খেলপথাৰত কংগ্ৰেছ মহাজোটৰ প্ৰাৰ্থী শিৱামনী বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীয় আৰু চট্টিছ গঁড়ৰ মুখ্যমন্ত্ৰীয়ে।প্ৰায় ত্ৰিশ সহস্ৰাধিক জনগণৰ উপস্থিতিত জনসমূদ্ৰলৈ পৰিণত হোৱা মঞ্চত প্ৰিয়ংকা গান্ধীয়ে কংগ্ৰেছ পাঁচ গেৰাণ্টিৰ কথা উল্লেখ কৰাৰ উপৰিও বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে।লগতে অসমৰ জলন্ত সমস্যা সমূহৰ ওপৰতো ভাষণ প্ৰধান কৰে।উক্ত সভাতেই চট্টিছ গঁড়ৰ মুখ্যমন্ত্ৰী গৰাকীয়েও বটদ্ৰৱা সমষ্টিৰ মহাজোটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ ভাষণ প্ৰধান কৰে।নেতা দুই গৰাকীক সংঘদিয়ে অসম প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি ৰকিবুল হুছেইন,বিধায়ক নুৰুল হুদা, আৰু বটদ্ৰৱা সমষ্টিৰ মহাজোটৰ প্ৰাৰ্থী শিৱামনী বৰাই। ইয়াৰ পূবে তেওঁ বটদ্ৰৱা থানত উপস্থিত হৈ গুৰুজনাৰ আৰ্শীষ গ্রহণ কৰে। 

No comments