গণবাৰ্তা,হাউলী,২৯ মাৰ্চঃ ৬ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ৪৩ নং বৰপেটা সদৰ সমষ্টিৰ মহাজোঁটৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী আ...
গণবাৰ্তা,হাউলী,২৯ মাৰ্চঃ ৬ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ৪৩ নং বৰপেটা সদৰ সমষ্টিৰ মহাজোঁটৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী আব্দুৰ ৰহিম আহমেদৰ এখন নিৰ্বাচনী কাৰ্যালয় ৰবিবাৰে সন্ধিয়া ৭ বজাত হাউলীৰ হাজীপাৰা জয়েন বজাৰত মুকলি কৰে হাজীপাৰা জিলা পৰিষদৰ সদস্যা ৰৌশনাৰা আহমেদে | ইয়াৰ পিছত হাজীপাৰা মণ্ডল কংগ্ৰেছৰ সভাপতি ৰফিকুল ইছলাম তালুকদাৰৰ পৌৰোহিত্যত কাৰ্যালয় উদ্বোধনী সভা অনুষ্ঠিত হয় | সভাত হাজীপাৰা গাওঁ পঞ্চায়তৰ সভাপতি ৰিয়াজ উদ্দিন আহমেদ, গুজৰাটৰ কংগ্ৰেছৰ নেতা মৌলানা আশ্ৰাফ ৰাজা, জিলা আমছুৰ প্ৰাক্তন সভাপতি আবু তাহেৰ, এআইইউডিএফ দলৰ বৰপেটা সমষ্টি কমিটিৰ সাধাৰণ সম্পাদক ছাইফুল ইছলাম , আমছুৰ প্ৰাক্তন সভাপতি ছবিবৰ ৰহমান আদিয়ে উপস্থিত থাকি অসমৰ স্বৈৰাচাৰী ,সাম্প্ৰদায়িক, মুছলমান বিৰোধী বিজেপি চৰকাৰ খনক উৎখাত কৰি ৰাজ্য খনত এখন ধৰ্ম নিৰপেক্ষ মহাজোঁট চৰকাৰ গঠন কৰিবলৈ ৰাইজৰ সহায় সহযোগিতা কামনা কৰে | লগতে মহাজোঁটৰ প্ৰাৰ্থী আব্দুৰ ৰহিম আহমেদক বিপুল ভোটত জয়যুক্ত কৰিবলৈ ভোটাৰ ৰাইজক আহ্বান জনায় | উক্ত সভাত অসম সংখ্যালঘূ সংগ্ৰাম পৰিষদৰ সাধাৰণ সম্পাদক মোৱাজ্জেম হুছেইন, ইউডিএফৰ হাজীপাৰা মণ্ডলৰ সভাপতি আব্দুল জলিল, সমাজকৰ্মী হাবেজ উদ্দিন ,মুন্তাজ আলী, বৰপেটা ব্লক কিষাণ কংগ্ৰেছৰ সভাপতি ছফিউৰ ৰহমান সহ প্ৰায় দুই সহস্ৰাধিক পুৰুষ-মহিলা উপস্থিত থাকে | ইয়াৰ পূৰ্বে পশ্চিম কাউৰপাৰা গাঁৱতো স্থানীয় সমাজকৰ্মী আব্দুৰ ৰহমানৰ পৌৰোহিত্যত আহমেদৰ অন্য এখন নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে অধিবক্তা আব্দুচ ছামাদ আহমেদে | উক্ত অনুষ্ঠানত কংগ্ৰেছ, বিপিএফ, ইউডিএফ আৰু চিপিআইএম ভালে সংখ্যক নেতা-কৰ্মীয়ে উপস্থিত থাকে |
No comments