Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

কমলপুৰত কংগ্ৰেছ আৰু বিজেপি দলৰ প্রার্থীৰ ভেটিত কপনি তুলি মনোনয়ন দাখিল কৰিলে ৰাইজৰ দলৰ প্রার্থী জিটুল ডেকাই

গণ বাৰ্তা, বাইহাটা চাৰিআলি, ২০ মাৰ্চ : ৰাজ্য খনত দ্বিতীয় প্রর্যায়ৰ নির্বাচনৰ দিন যিমানেই চমু চাপি আহিছে ৫৬ নং কমলপুৰ বিধান সভা সমষ্টিত বিভিন...


গণ বাৰ্তা, বাইহাটা চাৰিআলি, ২০ মাৰ্চ
: ৰাজ্য খনত দ্বিতীয় প্রর্যায়ৰ নির্বাচনৰ দিন যিমানেই চমু চাপি আহিছে ৫৬ নং কমলপুৰ বিধান সভা সমষ্টিত বিভিন্ন দলৰ প্রার্থীৰ নির্বাচনী প্রচাৰৰ কৌশলে আকৰ্ষণীয় ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰিছে। অগপ বিজেপিৰ মিত্র জোটৰ হৈ বিজেপি প্রার্থী দিগন্ত কলিতাৰ লগতে এ আই ইউ ডি এফ, কংগ্ৰেছ,বাওপন্থী দলৰ মহাজোটৰ প্রার্থী কিশোৰ কুমাৰ ভট্টাচাৰ্যৰ ৰাজনৈতিক অংকত আউল লগাবলৈ পুর্ণদ্যমে উঠিপৰি লাগিছে ৰাইজৰ দলৰ প্ৰক্ষেপিত প্রার্থী জিতুল ডেকাই। কমলপুৰ বিধান সভা সমষ্টিকে ধৰি ৰাজ্য খনৰ বিভিন্ন অঞ্চলৰ সামাজিক ক্ষেত্ৰ খনত বহু বছৰ ধৰি নিজক জড়িত কৰি ৰখা জিটুল ডেকাই বিগত সময়ত "অসমীয়া যুৱ মঞ্চ"ৰ কেন্দ্রীয় সচিব প্ৰধান হিচাপে ৰাজ্য খনৰ লগতে কমলপুৰ সমষ্টি বাসীৰ বিভিন্ন সমস্যাৰ ক্ষেত্ৰত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা ডেকা ইতিমধ্যে সমষ্টিটোৰ প্রতিটো অঞ্চলতে এজন চিনাকী মুখৰ ব্যক্তি হিচাপে নিজক চিনাকী দিবলৈ সক্ষম হৈছে। যাৰ ফলত সমষ্টিটোৰ কংগ্ৰেছ মহাজোট আৰু অগপ বিজেপিৰ মিত্র দলৰ প্রার্থী দিগন্ত কলিতা আৰু কিশোৰ কুমাৰ ভট্টাচাৰ্যৰ ৰাজনৈতিক অংকত কিছূ পৰিমাণে জটিলতাই দেখা দিব ধৰিছে। ৰাজ্য খনৰ ব্যক্তিগত উদ্যোগ প্রতিষ্ঠানত অসম তথা কমলপুৰ সমষ্টিৰ নিৱনুৱা যুৱক যুৱতী সকলক সংস্থাপনৰ ক্ষেত্ৰত চৰকাৰক বিশেষ দাবী জনাই অহা কমলপুৰ বিধান সভা সমষ্টিৰ বিধায়ক প্রার্থী জনে ৰাজ্য খনৰ নিৱনুৱা যুৱক যুৱতী সকলৰ মাজত তেনে পৰিচিতি লাভ কৰিবলৈ সমৰ্থ হৈছে। তাৰোপৰি ৰাজ্য খনত ইতিমধ্যে সংঘটিত হৈ যোৱা অসম লোকসেৱা আয়োগৰ পৰীক্ষা কেলেংকাৰীকে ধৰি আন কেবাটাও বৃহৎ বৃহৎ কেলেংকাৰীৰ প্রকৃত তদন্ত বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰি গুৰুত্ব পূৰ্ণ ৰায়দান লাভ কৰিবলৈ সক্ষম হৈছিল জিটুল ডেকাই। কেন্দ্রীয় চৰকাৰে ৰাজ্য খনত প্রবর্তন কৰা "কা" আইন খনৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে ৭০ টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বত অনুষ্ঠিত আন্দোলনৰ সময়ত প্রার্থী জনে সম্মুখৰ পৰা নেতৃত্ব বহন কৰা পৰিলক্ষিত হৈছিল। "কা" আন্দোলনৰ ভেটিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত জন্ম হোৱা ৰাজনৈতিক দল ৰাইজৰ দলৰ কার্যকৰী সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ লগতে এই বেলি বিধান সভা নিৰ্বাচনত কমলপুৰ সমষ্টিৰ পৰা প্রার্থীত্ব লাভ কৰিছে জিটুল ডেকাই। যাৰ বাবে কমলপুৰ সমষ্টিৰ অনাগত নির্বাচনত প্রার্থী জনে সহস্ৰাধিক সমর্থকক লগত লৈ সমষ্টিটোৰ চাৰিও দিশে তীব্র গতিত নির্বাচনী প্রচাৰকার্য চলাই গৈছে। নির্বাচনী প্রচাৰ সভা সমুহত ৰাইজৰ দলৰ প্রার্থী গৰাকীয়ে কমলপুৰ সমষ্টিত ভয়াবহ ভাৱে বৃদ্ধি হোৱা নিৱনুৱা সমস্যাক লৈ উদ্বিগ্ন হোৱা প্রার্থী জনে কমলপুৰ সমষ্টিৰ ৰাইজক উদ্দেশ্যি আবেদন জনায় কয় যে - ৰাইজ সকল যদি আপোনাকে অনাগত নির্বাচনত মোক ভোট প্রদান কৰি বিধান সভালৈ যোৱাৰ ব্যৱস্থা কৰে তেন্তে আমাৰ সমষ্টিটোৰ এই নিৱনুৱা যুৱক যুৱতী সকলক চৰকাৰী হঁওক বা বেছৰকাৰী উদ্যোগ প্রতিষ্ঠানতে হঁওক কর্ম সংস্থাপনৰ ব্যৱস্থা কৰা হব বুলি প্রতিশ্রুতি প্রদান কৰে। ল'ক ডাউন, বানপানীৰ সময়ত সমষ্টিটোৰ ৰাইজৰ সুখ দুখৰ সমভাগী হোৱা প্রার্থী জনৰ মনোনয়ণ দাখিলৰ সময়ত সমষ্টিটোৰ সহস্ৰাধিক সমর্থকে সংগ প্রদান কৰা দেখা যায়। এই সন্দৰ্ভত প্রার্থী জনৰ পৰা সংবাদ মাধ্যমে নির্বাচনী ফলাফলৰ বিষয়ে জানিব বিচৰাত প্রার্থী জনে স্পষ্ট ভাৱে প্রকাশ কৰে যে ফলাফল ঘোষণা নকৰা পর্যন্ত ৰাজনৈতিক প্ৰেক্ষাপট স্পষ্ট নহয় যদিও ৰাজনীতিত অসম্ভৱ বোলা বস্তু একো নাই বুলি ৰাইজৰ দলৰ প্ৰক্ষেপিত প্রার্থী জিতুল ডেকাই জানিবলৈ দিয়ে। 

No comments