Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

চৰ অঞ্চলৰ ভোটকেন্দ্ৰ পৰিদৰ্শন ধুবুৰী জিলা নিৰ্বাচন বিষয়াৰ

নিৰ্বাচন নিয়াৰিকৈ আয়োজনৰ তৎপৰতা চৈয়দ নুৰুল আমিন, ধুবুৰী/ ২১ মাৰ্চ : ধুবুৰী জিলা নিৰ্বাচন বিষয়া তথা জিলা উপায়ুক্ত দেৱ কুমাৰ কলিত...

নিৰ্বাচন নিয়াৰিকৈ আয়োজনৰ তৎপৰতা

চৈয়দ নুৰুল আমিন, ধুবুৰী/ ২১ মাৰ্চ : ধুবুৰী জিলা নিৰ্বাচন বিষয়া তথা জিলা উপায়ুক্ত দেৱ কুমাৰ কলিতাই আজি চৰ অঞ্চলত থকা বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰ সমূহ পৰিদৰ্শন কৰি তাত নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ লয়৷ ভৌগোলিক ভাৱে দুৰ্গম অঞ্চলত থকা বিভিন্ন চৰৰ বহু ভোট কেন্দ্ৰলৈ গৈ নিৰ্বাচনৰ দায়িত্বত নিয়োজিত কৰ্মচাৰী যোৱা আৰু নিৰ্বাচনৰ সামগ্ৰী কঢ়িওৱাটো এক প্ৰত্যাহ্বান৷ ধুবুৰী বিধানসভা সমষ্টিৰ ৰিটাৰ্নিং বিষয়াৰো দায়িত্বত থকা জিলা উপায়ুক্ত গৰাকীয়ে আজি মাজেৰ চৰ, কুন্তিৰ চৰ, ফলিমাৰী চৰ, ডুবাই চৰত থকা বহু ভোটকেন্দ্ৰ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় ৷ তেওঁ এনে দুৰ্গম চৰ অঞ্চলত ভোটগ্ৰহণ নিয়াৰিকৈ সম্পন্ন কৰা বাবে আগতীয়া পৰিকল্পনা আৰু প্ৰয়োজনত বিকল্প ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট ছেক্টৰ বিষয়াসকলক নিৰ্দেশ দিয়ে৷ তেওঁ চৰ অঞ্চলৰ ৰাইজৰ সৈতে বাৰ্তালাপ কৰি তেওঁলোকক নিৰ্ভয়ে ভোটদান কৰিবলৈ আহ্বান জনায়৷ আজিৰ পৰিদৰ্শনত জিলা উপায়ুক্ত গৰাকীক সংগ দিয়ে নিৰ্বাচন বিষয়া পাৰ্থ প্ৰতীম বৰ্মন, সহকাৰী আয়ুক্ত দেৱসেনা বৰ্মন আৰু নিৰ্বাচনৰ দায়িত্বত নিয়োজিত বিভিন্ন বিষয়া-কৰ্মচাৰীয়ে৷

No comments