গণবাৰ্তা বিশেষ, যোৰহাট , ১৮ মাৰ্চ : যোৰহাট বাসী ৰাইজে এইবাৰ নিশ্চয় কৈ যোগ্য প্ৰাৰ্থীক হে বিধায়ক হিচাপে নিৰ্বাচিত কৰিব। কিয়নো নিৰ্বাচন ৰ পূৰ...
গণবাৰ্তা বিশেষ, যোৰহাট , ১৮ মাৰ্চ : যোৰহাট বাসী ৰাইজে এইবাৰ নিশ্চয় কৈ যোগ্য প্ৰাৰ্থীক হে বিধায়ক হিচাপে নিৰ্বাচিত কৰিব। কিয়নো নিৰ্বাচন ৰ পূৰ্বে প্ৰত্যেক ৰাজনৈতিক দলে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে। ভিন্ন প্ৰতিশ্ৰুতি ৰ বন্যা বোৱাই। কিন্তু সেইয়া কাৰ্যত হৈ নুঠে। আমি যদি যোৱা ৩০ বছৰৰ যোৰহাট সমষ্টিৰ বাবে ৰাজনৈতিক দল বা প্ৰাৰ্থী ৰ ইস্তাহাৰ চাওঁ তেন্তে দেখিম যে ইস্তাহাৰ সমূহত যিবোৰ সমস্যাৰ কথা পূৰ্বতে কৈছিল, এতিয়াও সেই সমূহেই আছে। তাৰ মানে বুজা যায় যে সমস্যা সমূহ সমস্যা হৈয়ে আছে। সেইবাবে যোৰহাট বাসী ৰাইজে বিচাৰিছে যে ইস্তাহাৰ সমূহ ইস্তাহাৰ হৈ নাথাকি সময় সাপেক্ষে ইয়াৰ সমাধান হওঁক। যোৰহাট ৰ মাষ্টাৰ প্লেন প্ৰথমতে হব লাগিব যিটো ১৯৯১ চন ৰ পৰা হোৱা নাই। --এই মন্তব্য যোৰহাটৰ বিশিষ্ট নাগৰিক তথা অধিবক্তা ৰিণ্টু গোস্বামী ৰ। আজি যোৰহাট প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা এক সংবাদমেল ত এই কথা উল্লেখ কৰি গোস্বামী য়ে কয় যে, বিগত সময়চোৱাত যোৰহাটৰ বিধায়ক সকলে নিৰ্বাচন ৰ পূৰ্বে বহু প্ৰতিশ্ৰুতি দিলে। কিন্তু কাৰ্যত কোনো কাম হৈ নুঠিল। যোৰহাট ৰ জাৱৰ নিষ্কাষণৰ কোনো বিজ্ঞান সন্মত ব্যৱস্থা নহল। এনে পৰিস্থিতিত আমি দাবী কৰোঁ যে, যোৰহাটৰ গুৰুত্বপূৰ্ণ তৰাজান, টোকলাই, মহোৱা জান, ভোগদৈ ক পুনৰ জীয়াই তুলিব লাগে। যোৰহাট ত আন্তঃৰাষ্ট্ৰীয় স্তৰৰ প্ৰেক্ষাগৃহ নিৰ্মান কৰা, ব্ৰহ্মপুত্ৰ আৰু ভোগদৈ ৰ বান খহনীয়া সমস্যাৰ সমাধান কৰা, যোৰহাট নগৰৰ যান জত ৰ সমস্যা সমাধান কৰা, ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ক্ৰীডা আৰু সাংস্কৃতিক প্ৰকল্প নিৰ্মান কৰা , চকবজাৰ খন সুপৰকল্পিত ভাৱে আটকধুনীয়াকৈ নিৰ্মান কৰা, যৰহটবাসীক বিশুদ্ধ খোৱা পানী যোগান ধৰা, উন্নয়ন প্ৰাধিকৰনৰ অন্তৰ্গত ৭৩ কঠা ৰাজহুৱা গাড়ী পাৰ্কিংৰ মাটি সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰা, মাটি ভেটি ৰক্ষা কৰা আদিবোৰ নিৰ্বাচনৰ পূৰ্বেই স্পষ্ট আৰু কেতিয়া সম্পূৰ্ণ কৰিব তাৰ নিৰ্দিষ্ট সময় ঠিক কৰি একচন প্লেন ৰাজহুৱা কৰিব লাগে| সংবাদ মেল সম্বোধন কৰি অধিবক্তা ৰিন্টু গোস্বামীয়ে কয় যে ১৯৯১ চনৰ পৰাই ট্ৰাক ষ্টেণ্ডটো নিৰ্বাচনী ইচ্ছ্যু হৈয়ে ৰ'ল| একেদৰে বিশুদ্ধ খোৱা পানীৰ ক্ষেত্ৰতো কেৱল কৰিম কৰিম কৈয়ে নিৰ্বাচনী বৈতৰনী পাৰ কৰে নেতা সকলে| গতিকে এইবাৰ ইয়াক মানি লোৱা নহ'ব বুলি স্পষ্ট কৰি দিয়ে| ইয়াৰ উপৰিও নিবনুৱা সংস্থাপন দিব পৰা চাহ পৰ্য্যটন উদ্যোগ গঢ়ি তোলা, বিভিন্ন অঞ্চলৰ পাৰ্ক সমুহ সুন্দৰ কৰি তোলা, মাটি ভেটি সুনিশ্চিত কৰা, শাক পাচলি ব্যৱসায়ী সকলৰ বাবে এখন বজাৰ নিৰ্মান আৰু শীতলীকৰন ব্যৱস্থা তথা ক্ৰেতা বিক্ৰেতাৰ সম্পৰ্ক সুদৃঢ় কৰা আদি কাম বোৰৰ ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব| সংবাদ মেলত অধিবক্তা গৌতম বৰা, নয়ন জ্যোতি শৰ্মাকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে|
No comments