Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

শালবাৰীত ক্ৰিকেটত দল-সংগঠনৰ জয়লাভ

  গণ বাৰ্তা, শালবাৰী, ৮ মাৰ্চঃ   শালবাৰী মহকুমা সাংবাদিক সন্থা আৰু শালবাৰী মহকুমাৰ বিভিন্ন দল-সংগঠনৰ মাজত অনুষ্ঠিত প্ৰীতি ক্ৰিকেট খেলত  শালব...

 


গণ বাৰ্তা, শালবাৰী, ৮ মাৰ্চঃ শালবাৰী মহকুমা সাংবাদিক সন্থা আৰু শালবাৰী মহকুমাৰ বিভিন্ন দল-সংগঠনৰ মাজত অনুষ্ঠিত প্ৰীতি ক্ৰিকেট খেলত  শালবাৰী মহকুমাৰ দল-সংগঠনে জয়লাভ কৰিবলৈ সক্ষম হয়৷প্ৰীতি ক্ৰিকেট খেলখন উদ্বোধন কৰে বিটিআৰৰ সমাজ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য তথা মথনগুৰি সমষ্টিৰ এমচিএলএ গৌতম দাসে৷খেলখনত শালবাৰী মহকুমাৰ দল-সংগঠনৰ টিমে প্ৰথমে বেট ধৰি ২২২ ৰাণ সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়৷ইয়াৰ বিপৰীতে শালবাৰী মহকুমা সাংবাদিক সন্থাৰ টিমে ১৭২ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়৷খেলখনত  দল-সংগঠনৰ টিমটোৰ ফালৰপৰা জ্যোতিষ তাঁতীয়ে সৰ্বাধিক ৫০ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে সাংবাদিক সন্থাৰ ফালৰপৰা শিৱেন ডেকাই ৪৫ ৰাণ সংগ্ৰহ কৰে৷সাংবাদিক সন্থাৰ নিপু বায়নে তিনিটা,ৰূপক দাসে এটা উইকেট দখল কৰে৷খেল সমাপ্তিৰ পিছত বঁটা বিতৰণ কৰে মানাহৰ বাঁহবাৰী ৰেঞ্জৰ ৰেঞ্জাৰ বাবুল কুমাৰ ব্ৰহ্মই৷

No comments