Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত জাতি ধ্বংসী নাগৰিকত্ব(সংশোধনী) আইন 'কা' বাতিলৰ দাবীত ডবকাত আছুৰ উত্তাল প্ৰতিবাদ

কফিল হোজাই, ২০ মাৰ্চ: যদি সৰ্বানন্দ সোণোৱালৰ গাত অসমীয়াৰ তেজ আছে, তেন্তে এই জাতিধ্বংসি নাগৰিকত্ব আইখন বাতিলৰ ক্ষেত্ৰত আগ-ভাগ লব বুলি আছুৰ ক...


কফিল হোজাই, ২০ মাৰ্চ:
যদি সৰ্বানন্দ সোণোৱালৰ গাত অসমীয়াৰ তেজ আছে, তেন্তে এই জাতিধ্বংসি নাগৰিকত্ব আইখন বাতিলৰ ক্ষেত্ৰত আগ-ভাগ লব বুলি আছুৰ কৰ্ম কৰ্তাসকলে মন্তব্য কৰে ৷ নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত হোজাইৰ ডবকাত আছুৰ কৰ্ম কৰ্তা আৰু সমৰ্থক সকলে বাইক ৰেলীৰে সমদল কৰি কা'ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাৱস্ত কৰে ৷ ডবকা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এই প্ৰতিবাদ সাৱস্ত কৰা হয় ৷ ডবকা আঞ্চলিকৰ সভাপতি জাবেদ আহমেদ আৰু সম্পাদক এবাদ উদ্দিনৰ নেতৃত্বত প্ৰায় শতাধিক আছু কৰ্মী সমৰ্থকে বিজেপি গ' বেক, কা' আমি নামানো, আৰ এছ এছৰ গুণ্ডাগিৰি নচলিব, হিমন্ত বিশ্ব গ'বেক আদি বিভিন্ন শ্লগান দি পৰিৱেশ উত্তাল কৰি তোলে ৷ প্ৰতিবাদকাৰী সকলে লগতে কয়- অসমৰ জাতি ধৰ্মক ভাগ ভাগ কৰি বিজেপি চৰকাৰে নাগৰিকত্ব আইনৰ জৰিয়তে বিদেশীক সংস্থাপন দিব বিচাৰিছে, এই আইন আমি কোনো পদ্যেই মানি নলওঁ ,আমাৰ শৰীৰত শেষ টোপাল তেজ থকালৈকে আমি ইয়াৰ বিৰুধিতা কৰি যাম ৷উল্লেখ্য যে, সমগ্ৰ ৰাজ্যৰ লগতে হোজাই জিলাৰ ডবকাতো আজি ডবকা আঞ্চলিক ছাত্ৰ সন্থাই "নাগৰিকত্ব সংশোধনী আইন" বাতিলৰ দাবীত তীব্ৰ প্ৰতিবাদ সাৱস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলে সংবাদ মাধ্যমৰ আগত কয়- অসমীয়াই জাতিধ্বংসী নাগৰিকত্ব আইন কোনো কাৰণতে মানি নলয় ৷ অসমৰ ৰাইজে ইয়াৰ প্ৰত্যোত্তৰ আগন্তক নিৰ্বাচনত দিব বুলি মন্তব্য কৰে ৷ কা' বাতিল নহলে আছুৰ কৰ্মকৰ্তা সকলে তেওঁলোকৰ গাত শেষ বিন্দু তেজ থকালৈকে গণতান্ত্ৰিক পদ্ধতিৰে এই আন্দোলন অব্যাহত ৰাখিব বুলি হুংকাৰ প্ৰদান কৰে ৷ ডবকা- গনিপুৰ সংযোগি কাঞ্চি বজাৰৰ পৰা ডবকা চহৰৰ ষ্টেট বেংকৰ সমীপত গৈ বাইক ৰেলী কৰি সমবেত হৈ চৰকাৰৰ বিৰুদ্ধে এইদৰে আক্ৰমনাত্মক হৈ পৰে আছুৰ প্ৰতিবাদাৰী সকল ৷

No comments