গণ বাৰ্তা , সাপেখাতী ২০ মাৰ্চ : চৰাইদেউ জিলাৰ সাপেখাতী আৰক্ষী থানাৰ তথা সাপেখাতী খণ্ড সংমণ্ডলৰ এলেকাধীন অসম-অৰুণাচল সীমান্তৱৰ্তীৰ বগাবাঘত...
গণ বাৰ্তা , সাপেখাতী ২০ মাৰ্চ: চৰাইদেউ জিলাৰ সাপেখাতী আৰক্ষী থানাৰ তথা সাপেখাতী খণ্ড সংমণ্ডলৰ এলেকাধীন অসম-অৰুণাচল সীমান্তৱৰ্তীৰ বগাবাঘত আজি পুৱা ১১ বজাত একাংশ ৰাইজে এটি নাহৰফুটুকী বাঘ মৰিয়াই মৰিয়াই হত্যা কৰা অভিযোগ উত্থাপিত হৈছে।প্ৰাপ্ত তথ্য মতে আজি প্ৰায় ১১ বজাত বগাবাঘ চাহবাগিছাৰ ষ্টাৰ্ফ লাইনৰ দিলীপ সন্দিকৈ থকা কোৱাৰ্টাৰৰ চৌহদত এটি নাহৰফুটুকী বাঘ আকস্মিক ভাৱে প্ৰবেশ কৰে ।সন্দিকৈৰ পৰিয়লাৰ লোকে চিঞয় বাখৰ কৰাত বাঘটো চৌহদৰ পৰা ওলাই লৰ মাৰে।ইয়াৰ পাছতে একাংশ লোকে লাঠি দাঙ লৈ পিছে পিছে খেদি গৈ চাৰিফালৰ পৰা বেৰি লৈ মৰিয়াই মৰিয়াই হত্যা কৰাত অঞ্চলটোৰ ৰাইজে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।বাঘটো একাংশ লোকে হত্যা কৰি নখ সমুহ কাটি নিয়াৰ লগতে মূখৰ দাড়ি সমূহ উঘালি লৈ যায়।সমগ্ৰ ঘটনা সাপেখাতী অঞ্চলত বিয়পি পৰাত ৰাইজে তীব্ৰ প্ৰতিক্ৰিয়া কৰে।ইতিমধ্যে ঘটনাস্হলীত সাপেখাতী আৰক্ষী থানাৰ আৰক্ষী বিষয়া দীনেশ দলে আৰু সাপেখাতী খণ্ড বন বিষয়া উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।
No comments